অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্য মন্ত্ৰী আনোৱাৰা টাইমূৰৰ দেহাৱসান

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্য মন্ত্ৰী চৈয়দা আনৱাৰা টাইমূৰ আৰু নাই। আজি অষ্ট্ৰেলিয়াত এইগৰাকী নেত্ৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা কেইবছৰ মানৰ পৰা পুত্ৰৰ সৈতে অষ্ট্ৰেলিয়াত বাস কৰি থকা টাইমূৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৪ বছৰ।

জানিব পৰা মতে, তেওঁ কিছুদিনৰ পৰা বুকুৰ বিষত ভুগি আছিল।

উল্লেখ্য যে, অসমৰ ৰাজনীতি ক্ষেত্ৰৰ এগৰাকী সন্মানীয় নেত্ৰী টাইমূৰই ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল।

ইয়াৰ উপৰি ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে তেওঁ অসমৰ পি ডব্লিউ ডি মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

তেওঁ চাৰিবাৰ অৰ্থাৎ ১৯৭২, ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনত দলগাঁও সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।

এইগৰাকী নেত্ৰীৰ মৃত্যুত ৰাজ্যৰ প্ৰায়বোৰ ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠনে শোকপ্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে শোকপ্ৰকাশ কৰি কয়, “প্ৰাক্তন মুখ্য মন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ আকস্মিক মৃত্যুত দুখিত”।

মুখ্য মন্ত্ৰীৰ উপৰি ৰাজ্যিক বিজেপিৰ অধ্যক্ষ ৰনজিৎ দাস, অসম গণ পৰিষদৰ লগতে প্ৰদেশ কংগ্ৰেছেও প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।