আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ অৰ্জন অসমৰ হৃদয় হাজৰিকাৰ

Hridoy Hazarika

শ্বুটাৰ হৃদয় হাজৰিকাৰ ফাইল ফটো

ক্ৰীড়া ক্ষেত্ৰত এজনৰ পাছত আন এজন খেলুৱৈৰ সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। হিমাৰ পাছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকি উঠিল হৃদয় হাজৰিকা ( Hriday Hazarika )।

অসমৰ উদীয়মান শ্বুটাৰ হৃদয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈ থকা ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰে। হৃদয়ৰ এই সাফল্যই দেশৰ লগতে অসমকো গৌৰৱান্বিত কৰি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত হাজৰিকাক তীব্ৰ প্ৰতিদ্বণ্ডিতা আগবঢ়াই ইৰাণৰ শ্বুটাৰ আমিৰ নিউকৌনামে। দুয়োগৰাকী শ্বুটাৰে ২৫০.১ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে যদিও শ্বুটঅফৰ জৰিয়তে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় হৃদয় হাজৰিকা।

মন কৰিবলগীয়া যে ফাইনেলত দুয়োগৰাকী শ্বুটাৰে ২৫০.১ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। মাত্ৰ ০.১ পইণ্টৰ বাবে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ ব্যৰ্থ হ’ল দুয়োগৰাকী শ্বুটাৰ। সোণৰ পদকৰ বাবে হোৱা শ্বুটঅফতো দুয়োগৰাকীৰ ব্যৱধান আছিল মাত্ৰ ০.১। শ্বুটঅফত হৃদয়ে স্ক’ৰ কৰিছিল ১০.৩ আৰু ইৰাণৰ আমিৰে স্ক’ৰ কৰিছিল ১০.২।

১০ মিটাৰ এয়াৰ ৰাইফলৰ ইভেণ্টত আৰম্ভণিৰ পৰাই সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা হৃদয়ে ৬২৭.৩ পইণ্টেৰে ফাইনেললৈ অগ্ৰসৰ হৈছিল। এই ইভেণ্টত ফাইনেললৈ অগ্ৰসৰ হোৱা হৃদয়ে হৈছে একমাত্ৰ ভাৰতীয়।

প্ৰচুৰ সম্ভাৱণাপূৰ্ণ এইগৰাকী যুৱ শ্বুটাৰৰ সফলতাত গৃহভূমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰবাসী আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তানৰ সফলতাত গৌৰৱান্বিত সমগ্ৰ অসমবাসী।