ফিনলেণ্ডত অনুষ্ঠিত জিবি বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন শিৱ থাপাৰ

Shiva Thapa

শিৱ থাপা (বাঁওফালে)। ফটো উৎস : শিৱ থাপাৰ টুইটাৰ একাউণ্ট

ৰাজ্যৰ ক্ৰীড়া জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে অসম সন্তান তথা বক্সাৰ শিৱ থাপাই। ফিনলেণ্ডৰ হেলচিংকিত চলি থকা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টত অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

৬০ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শিৱ থাপা দেওবাৰে ফাইনেলত মুখামুখি হয় স্থানীয় খেলুৱৈ আৰ্ছলান খাটায়েভৰ বিৰুদ্ধে। মেচখনত স্থানীয় খেলুৱৈ গৰাকীৰ দুৰ্দান্ত প্ৰদৰ্শনত থাপা পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। আৰ্ছলান খাটায়েভে শিৱ থাপাক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে।

মেচখনৰ অন্তত তিনিবাৰৰ এছিয়ান মেডেলিষ্ট শিৱ থাপাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে দুখন ফটো আপলোড কৰাৰ লগতে কয়, ‘ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত জিবি বক্সিং টুৰ্ণামেণ্টত ৰূপ জিনিলো’।

আনহাতে প্ৰতিযোগিতাখনত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা আন কেইবাজনো বক্সাৰে উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়ায় পদক বুটলিবলৈ সক্ষম হৈছে। পদক বিজয়ী খেলুৱৈ কেইগৰাকী ক্ৰমে কবিন্দৰ সিং বিষ্টে, হুছামুদ্দিন, গোবিন্দ ছাহানী, দীনেশ ডগৰ।

আনহাতে ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈ কেইগৰাকী হ’ল ক্ৰমে সুমিত চাংৱান, শচীন ছিৱাচ আৰু নবীন কুমাৰ।