উত্তৰ-দক্ষিণপাৰৰ লোকৰ বাস্তাৱায়িত হ’ল সপোন : বগীবিল দলঙৰ ওপৰেৰে চলিল বাছ

Lockdown: Will you be able to return by ASTC bus?

প্ৰতিনিধিত্বমূলক চিত্ৰ

দুটা দশকৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ বাবে মুকলি কৰিলে দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী বগীবিল দলং। এই দলংখন মুকলি হোৱাৰ লগে লগেই সপোন বাস্তৱায়িত হ’ল লুইতৰ দুয়োপাৰৰ অগণন লোকৰ। ইয়াৰ সমান্তৰালকৈ নদীদ্বীপ মাজুলীলৈকেও আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বগীবিল দলঙে।

দশক দশক ধৰি উত্তৰ-দক্ষিণপাৰৰ লোকৰ মাজত যোগাযোগ ব্যৱস্থা আছিল অতিশয় দুৰ্গম। নাও-জাহাজে আছিল দুয়োপাৰৰ লোকৰ একমাত্ৰ যোগাযোগৰ মাধ্যম। কিন্তু বগীবিল দলঙৰ মুকলিয়ে এইসকল লোকৰ যোগাযোগ মাধ্যমত পেলাব ব্যাপক প্ৰভাৱ।

উল্লেখ্য যে ২৫ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে নতুন দলংখন উদ্বোধন কৰাৰ লগতে তিনিচুকীয়া-নাহৰলণ্ডন ইণ্টাৰচিটী এক্সপ্ৰেছৰো ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। ৰে’ল আৰু পথ যোগাযোগৰ ব্যৱস্থা থকা দলংখনে ডিব্ৰুগড় আৰু নাহৰলণ্ডনৰ মাজত পোনপটীয়া যাতায়াত সম্ভৱ কৰি তুলিছে।

আনহাতে দলংখন মুকলি হোৱাৰ কেইঘণ্টামান পূৰ্বেই উত্তৰ আৰু দক্ষিণপাৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক পৰিবহণ নিগমে বগীবিল দলঙেৰ ওপৰেৰে গোলাঘাটৰ পৰা জোনাইলৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছসেৱাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে।

ইয়াৰ উপৰি মাজুলী-ডিব্ৰুগড়ৰ মাজতো আৰম্ভ হৈছে বাছৰ চলাচল। এতিয়াৰে পৰা ডিব্ৰুগড় জিলাৰ লগত প্ৰত্যক্ষ যোগাযোগ লাভ কৰিব মাজুলীবাসীয়ে।

উল্লেখ্য যে উন্নত চিকিৎসা, উচ্চ শিক্ষিত প্ৰতিষ্ঠান তথা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্থল ডিব্ৰুগড় চহৰলৈ এতিয়াৰে পৰা বগীবিল দলঙেৰে মাজুলীবাসী তথা উত্তৰপাৰৰ লোকে অতি সহজে স্থলপথেৰে আহ-যাহ কৰিব পাৰিব। তদুপৰি এই দলঙৰ সংযোজনে অসম তথা উত্তৰ-পূবৰ আৰ্থ-সামাজিক উন্নয়নতো বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।