ৰাজ্যৰ পৰা ক’ৰ’না মহামাৰীৰ সংক্ৰমণ শেষ হ’লেই অসমৰ ৰাজপথত অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭০০ খন নতুন বাছ চলোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে পৰিবহন নিগমে।
নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত অসম ৰাজ্যিক পৰিবহন নিগমৰ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় কয় যে, উবেৰাইজেচন আচনিৰ জৰিয়তে প্ৰায় ৭০০ নতুন বাছ চলোৱাৰ কথা আছিল যদিও সম্প্ৰতিক পৰিস্থিতিৰ পিছত এই আচনি ৰূপায়ন কৰা হ’ব যি আচনিৰ জৰিয়তে অসমৰ গাঁও সমূহক সংলগ্ন কৰা হ’ব।
” গুৱাহাটী মহানগৰীত বৰ্তমান ইলেক্ট্ৰিক বাছ চলি আছে যদিও আমি ইলেক্ট্ৰিক বাছৰ সংখ্যা বঢ়োৱাৰ চিন্তা-চৰ্চা কৰি আছো। যিহেতু ইলেক্ট্ৰিক বাছত মুলধনৰ খৰচ কম হোৱাৰ লগতে বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষন হ্ৰাস পায়,” অশোক ভট্টৰায় লগতে কয়।
ইফালে, ল’কডাউনৰ ফলত অসম ৰাজ্যিক পৰিবহন নিগম বহুখিনি লোকচানৰ সন্মুখীন হোৱাৰ লগতে চৰকাৰে এই ক্ষেত্ৰত সহায় আগবঢ়াব বুলি জানিব দিয়ে অধ্যক্ষ গৰাকীয়ে।
আনহাতে, আন্তঃজিলা যাতায়তৰ বাবে আজিৰ দিনটোত ৪০ খন বাছ ৰেড বাছ এপৰ জৰিয়তে বুকিং হোৱাৰ লগতে বাছ আস্থান সমূহৰ পৰা বাছ চলাচল কৰি আছে। মঙলবাৰেও বাছ সমূহ চলাচল কৰিব বুলি জানিব দিয়ে অধ্যক্ষ জনে ।
বুধ, বৃহস্পতি, শুক্ৰবাৰে যিহেতু আন্তঃজিলা যাতায়ত বন্ধ থাকিব সেয়ে কামৰূপ মহানগৰ জিলাৰ বাহিৰে বাকী জিলা সমূহৰ ভিতৰত চলাচল কৰিব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সমূহ।
বাছত যাত্ৰা কৰা সকলো যাত্ৰীক স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নীতি নিয়ম মানি চলাৰ আহ্বান জনায় ভট্টৰায়ে।