গিৰিজানন্দ চৌধুৰী ইন্সটিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজিত সৰ্বভাৰতীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন

download

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আৰু গিৰিজানন্দ চৌধুৰী ইন্সটিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজিৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিব।“Modern Power Engineering Trends and Practices in India”  শীৰ্ষক এই কৰ্মশালাখন চলিত বৰ্ষৰ ২১ আৰু ২২ ছেপ্টেম্বৰত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ ‘কাৰিকৰী শিক্ষা গুণগত মান উন্নয়ন আঁচনি’-৩ৰ অধীনত  আয়োজন কৰা হ’ব।

কৰ্মশালাখনৰ সমন্বয়ক বিপুল কুমাৰ তালুকদাৰে জনাইছে যে উচ্চ ভল্টেজৰ প্ৰত্যক্ষ বিদ্যুৎ শক্তি প্ৰেৰণ, এছচিএডিএ, স্মাৰ্ট আৰু মাইক্ৰগ্ৰিড, বৰতমান অসমৰ বিদ্যুৎশক্তিৰ পৰিৱেশ, পুনৰ্নবীকৰণযোগ্য শক্তিৰ পৰা গ্ৰিড একত্ৰিকৰণ ইত্যাদি এই দুদিনীয়া কৰ্মশালাখনত আলোচনা কৰা হ’ব।

উত্তৰ-পূবৰ ৰাজ্যিক প্ৰকল্প বাস্তৱায়ন গোটৰ ৰাজ্যিক প্ৰকল্প প্ৰশাসক ড০ মুকুল চন্দ্ৰ বৰাক এই কৰ্মশালালৈ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে।যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক দেবাশীস চেটাৰ্জি, আইআইটি খড়কপুৰৰ পৰা অধ্যাপক দেবপ্ৰিয় দাস, যতীন্দ্ৰ কুমাৰ বৈশ্য, চিজিএম (ডি এণ্ড এছ)য়ুএআৰ,এপিডিচিএল, অসম, পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যনৰ জ্যেষ্ঠ অভিযন্তা মানসজ্যোতি বৈশ্যই ভাষণ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময়

এই কৰ্মশালাখন ভাৰতৰ কাৰিকৰী প্ৰতিষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ, গৱেষক ছাত্ৰ-ছাত্ৰৰ লগতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আৰু এনাৰ্জি ইঞ্জিনিয়াৰিং ড’মেইনৰ ফেকাল্টিসকলৰ বাবে মুকলি থাকিব।