কমনৱেলথে লাভ কৰিলে আটাইতকৈ বয়স্ক পদক বিজয়ী: ৭৫ বছৰ বয়সত স্বৰ্ণ জয়েৰে চমক জৰ্জ মিলাৰৰ

Oldest Medallist in Commonwealth Games

কমনৱেলথৰ ইতিহাসত এক নৱ অভিলেখ ৰচনা কৰিছে স্কটলেণ্ডৰ জৰ্জ মিলাৰ নামৰ এগৰাকী খেলুৱৈয়ে। মিলাৰে শুকুৰবাৰে চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত লন বল ইভেণ্টত মিক্সড শাখাত স্বৰ্ণ জয় কৰে।

মিলাৰ, মেলানিয়া ইননেছ, ছাৰাহ জেন আৰু ৰবাৰ্ট বাৰেৰে গঠিত দলটোৱে B2/B3 মিক্সড পেয়াৰ শাখাত ৱেলছক ১৬-৯ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।

উল্লেখ্য যে স্বৰ্ণ জয়ী মিলাৰৰ সম্প্ৰতি বয়স হৈছে ৭৫ বছৰ ৮ মাহ। এইদৰে মিলাৰে কমনৱেলথ গেমছৰ ইতিহাসত পদক জয় কৰা আটাইতকৈ বয়ষ্ক খেলুৱৈ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে এই বিৰল অভিলেখ আছিল স্কটলেণ্ডৰে ৰোজমেৰী লেণ্টনৰ নামত। তেওঁ ৭২ বছৰ বয়সত মহিলাৰ যুটীয়া শাখাত (পেৰা) স্বৰ্ণ পদক জয় কৰিছিল।

সতীৰ্থ খেলুৱৈগৰাকীৰে অভিলেখ ভংগ কৰাৰ পিছত মিলাৰে এই নতুন অভিলেখত ৰোজমেৰী যথেষ্ট সন্তুষ্ট হ’ব বুলি মন্তব্য কৰে।

তেওঁ লগতে খেলৰ সৈতে জড়িত হ’ব বিচৰা বয়োজেষ্ঠ লোকসকলকো উৎসাহ যোগাই প্ৰতিযোগিতাত ভাগ ল’বলৈ আহ্বান জনায়।