অৱশেষত পতঞ্জলিয়ে ক্ষমা বিচাৰিলে অসমবাসীৰ ওচৰত; সতীনাথ বাৰালক দায়িত্বৰ পৰা অব্যাহতিৰ আহ্বান

Satinath Baral

অভিযুক্ত সতীনাথ বাৰাল।

শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক উত্তৰ-পূবৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ আহ্বান জনাইছে পতঞ্জলি যোগপীঠৰ অসমৰ সকলো কাৰ্য্যকৰ্তাই। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কেন্দ্ৰৰ কৰ্মকৰ্তাই।

সংবাদ মাধ্যমৰ আগত পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কেন্দ্ৰৰ কৰ্মকৰ্তাই জনোৱামতে, ২৯ ছেপ্তেম্বৰত দৰঙৰ দুনীত ঘটনাটো সংঘটিত হোৱাৰ পিছতে গোটেই অসমৰ শাখাবোৰৰ কৰ্মকৰ্তাসকলে আলোচনা কৰে।

তাৰ পিছত আজি পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কেন্দ্ৰত এখন জৰুৰী কাৰ্য্য নিৰ্বাহক অনুষ্ঠিত হয়। এই কাৰ্য্য নিৰ্বাহকত বিতৰ্কিত নিৰীক্ষকজনৰ মন্তব্যক গৰিহণা দিয়াৰ লগতে তেওঁক অসমৰ দায়িত্বৰ পৰা আঁতৰাবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অনুৰোধ কৰে।

সেই অনুসৰি আঁতৰাই নিয়া হ’ব বুলি হৰিদ্বাৰৰ পৰা অসমৰ কাৰ্য্যকৰ্তাসকলক আশ্বাস দিয়া বুলি জনায় কৰ্মকৰ্তাজনে।

লগতে নিৰীক্ষকজনৰ মন্তব্যৰ বাবে আজিৰ বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত পতঞ্জলিৰ পৰিয়ালৰ হৈ ক্ষমা বিচাৰে পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কৰ্মকৰ্তাসকলে।

উল্লেখযোগ্য যে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে শংকৰদেৱক উপলুঙা কৰি মন্তব্য কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছিল। ২৯ তাৰিখৰ যোগ শিবিৰৰ সামৰণি কাৰ্য্যসূচীত সতীনাথ বাৰালে ভাষণ প্ৰসংগত ‘শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়’, ‘নামঘোষাত একো ভাল কথা নাই’ আৰু ‘নামঘৰত মিঠাতেলৰ চাকি মুৰ্খই জ্বলায়’ ইত্যাদি বহুতো বিতৰ্কিত মন্তব্য কৰিছিল।

মন কৰিব লগীয়া পূৰ্বেও পতঞ্জলিৰ বহিৰাগত কৰ্মকৰ্তাই অসমবাসীৰ প্ৰতি অপমানসূচক মন্তব্য কৰি পিছত ক্ষমা খুজিছিল।

আনহাতে আজি  দিনৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ নামৰ সংগঠন এটাৰ নেতৃত্বই ভাৰত স্বাভিমান ন্যাস ,অসম প্ৰান্তৰ অধিকাৰীসকলৰ সৈতে এই বিষয়টোত এটা আলোচনাত মিলিত হয় বুলি জানিবলৈ দিছে সংগঠনটোৱে। সংগঠনটোৰ সভাপতি ৰিজু পাঠক আৰু কাৰ্যকৰী সভাপতি দীপজ্যোতি চহৰীয়াৰ নেতৃত্বত এটা সঁজাতী দলে এই আলোচনাত ভাগ লয়। আলোচনাকালত যোগগুৰু ৰামদেৱৰ প্ৰতিনিধিয়ে যুৱ মঞ্চৰ সভাপতিৰ সৈতে টেলি কনফাৰেন্সৰ যোগে বাৰ্তালাপ হয় আৰু এই বাৰ্তালাপৰ যোগেদি তেওঁলোকে সমগ্ৰ অসমবাসীৰ ওচৰত বিষয়টো সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰে। লগতে যোগ নিৰীক্ষণ সতীনাথ বাৰালক সকলো দায়িত্বৰ পৰা তৎক্ষণিকভাৱে কাৰ্যকৰীহোৱাকৈ অব্যাহতি দিয়ে বুলি সংগঠনটোৰ পৰা জনোৱা হৈছে।

ইফালে আজি অভিযুক্ত যোগ নিৰীক্ষকগৰাকীৰ বিৰুদ্ধে দুখন শুৱালকুছি থানা আৰু গুৱাহাটীৰ পাণবজাৰ থানাত দুখনকৈ এজাহাৰ দাখিল হৈছে।