• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনত শক্তিশালী ভূমিকম্প; শতাধিক লোকৰ মৃত্যু, আহত বহুলোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2023 7:37 am
1.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল চুবুৰীয়া দেশ চীনক। তাৰ পিছত কেইবাটাও আফটাৰশ্বক হয়। উত্তৰ-পশ্চিম চীনৰ গাংছু প্ৰদেশত সোমবাৰে মাজনিশা সংঘটিত হোৱা ভূমিকম্পত (Earthquake) মৃত্যু হোৱা লোকৰ সংখ্যা এশৰো অধিক হৈছে। আন কমেও এশজন লোক গুৰুতৰভাৱে আহত হয়।

গাংছুৰ চুবুৰীয়া কিংহাই প্ৰদেশতো ভূমিকম্পৰ ফলত বহু ক্ষতিগ্ৰস্ত হয়। ইয়াত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১২৪ জন গুৰুতৰভাৱে আহত হয়। বহু ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰ কাম আৰম্ভ কৰা হয়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি সোমবাৰে নিশা ১১:৫৯ বজাত চীনৰ গাংছু প্ৰদেশত প্ৰবল ভূমিকম্পই কঁপাই যায়। চুবুৰীয়া কিংহাই প্ৰদেশতো কম্পন অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল গাংছু প্ৰদেশত ১০ কিলোমিটাৰ গভীৰত। ইপিনে, স্থানীয় সংবাদ মাধ্যমৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২।

স্থানীয় সংবাদ মাধ্যমৰ মতে, গাংছু প্ৰদেশৰ ৰাজধানী লানঝৌৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে থকা অঞ্চলত প্ৰবল কঁপনি অনুভৱ কৰা হয় আৰু তাৰ পিছত কেইবাটাও আফটাৰশ্বক হয়।

এই ভূমিকম্পত গাংছুকে ধৰি কিংহাই প্ৰদেশৰ বহু ঘৰ ভাঙি যায়। ঘৰ বাৰী পোত থোৱাৰ সময়ত বহু লোকৰ টোপনিতে মৃত্যু হৈছিল। চিচিটিভিৰ ফুটেজ অনুসৰি কেৱল কিংহাই প্ৰদেশৰ হাইডং চহৰতে ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। বহু গাঁৱত বিদ্যুৎ আৰু পানী যোগান বন্ধ হৈ পৰিছে।

এই প্ৰবল ভূমিকম্পৰ লগে লগে গাংছু প্ৰদেশে সাহায্য আৰু উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিয়ে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

উল্লেখ্য যে চীনত ভূমিকম্প নতুন নহয়। যোৱা আগষ্ট মাহত পূব চীনত প্ৰবল ভূমিকম্প হৈছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। সেই ভূমিকম্পত কমেও ২৩ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ছিচুয়ান প্ৰদেশত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

আনহাতে, ২০০৮ চনত এটা ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছিল। ৭.৯ প্ৰাবল্যৰ সেইবাৰৰ ভূমিকম্পত ৮৭ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৫ হাজাৰৰো অধিক স্কুলীয়া ছাত্ৰ সন্ধানহীন হয়। 

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd