ছত্তীশগড়ত মাওবাদী দমনৰ বাবে পুনৰ যৌথ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে। দেওবাৰে পুৱা ছত্তীশগড় আৰক্ষীয়ে জনোৱা মতে, বিজাপুৰ জিলাত সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। অৱশ্যে প্ৰত্যাক্ৰমণত দুজন নিৰাপত্তা বাহিনীৰ সদস্যও নিহত হয়। আন দুজন গুৰুতৰভাৱে আহত হয়। কিছু সপ্তাহ পূর্বে বিজাপুৰতে যৌথ বাহিনীৰ সৈতে হোৱা ‘এনকাউণ্টাৰ’ত আঠটা মাওবাদী নিহত হৈছিল৷
এজন আৰক্ষী বিষয়াই জনোৱা মতে, যোৱা শুকুৰবাৰে বিজাপুৰৰ জংঘল অঞ্চলত মাওবাদীৰ ‘পশ্চিম বস্তাৰ সংমণ্ডল’ৰ সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছিল। ইয়াৰ লগে লগে কেন্দ্ৰীয় বাহিনী চি আৰ পি এফ, ছত্তীশগড় সশস্ত্ৰ আৰক্ষী আৰু কোব্ৰা ইউনিটৰ সদস্যই অঞ্চলটোত অভিযান আৰম্ভ কৰে। শনিবাৰে নিশা আৰম্ভ হোৱা সংঘৰ্ষত নিহত হৈছে ১২ জন মাওবাদী।
যোৱা কেইবছৰমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে মাওবাদীক দেশৰ পৰা নিৰ্মূল কৰাৰ কথা দোহাৰি আহিছে। এইবাৰো তেওঁ বাৰে বাৰে দাবী কৰি আহিছে যে ২০২৬ চনৰ ৩১ মাৰ্চ এই দেশৰ মাওবাদীৰ বাবে শেষ দিন হ’ব। তাৰ আগতে মাওবাদী দেশৰ পৰা সম্পূর্ণৰূপে নির্মূল হ’ব৷
মাওবাদীসকলক আত্মসমৰ্পণ কৰিবলৈও উৎসাহিত কৰিছে ৰাষ্ট্ৰই। বন্দী মাওবাদীসকলক চাকৰি আৰু স্বাস্থ্যসেৱাকে ধৰি সকলো দায়িত্ব ৰাষ্ট্ৰই ল’ব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছে। ইতিমধ্যে নতুন নীতিৰে মাওবাদী নিৰ্মূল কৰাৰ দিশত চৰকাৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। চৰকাৰী তথ্য অনুসৰি যোৱা বছৰ ২০৭জন মাওবাদী নিহত হৈছে। উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ।
যোৱা ৩ জানুৱাৰীৰ পৰা সমগ্ৰ বস্তাৰ সংমণ্ডলত মাওবাদীৰ বিৰুদ্ধে যৌথ বাহিনীয়ে নতুন অভিযান আৰম্ভ কৰিছে। বিজাপুৰ আৰু সুকমাৰ উপৰিও নাৰায়ণপুৰ, দান্তেৱাড়া, জগদলপুৰ, কাংকেৰ আৰু কোণ্ডাগাঁও জিলাৰ পাহাৰ আৰু বনাঞ্চলতো তালাচী অভিযান অব্যাহত আছে। তদুপৰি মাওবাদী গেৰিলাক মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবে নিৰন্তৰ প্ৰচাৰ অভিযান চলি আছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে গান্ধী তাঁতী ওৰফে কমলেশ আৰু মাইনু ওৰফে হেমলাল কোৰৰাম, ৰঞ্জিত লেকামি ওৰফে অৰ্জুন আৰু তেওঁৰ পত্নী কোছি ওৰফে কাজলৰ দৰে মাওবাদী নেতাই আত্মসমৰ্পণ কৰিছে।