কৰ্ণাটকৰ আট্টিবেলৰ আতচবাজী গুডামত এক বৃহৎ বিস্ফোৰণ ঘটিছে। শনিবাৰে বিয়লি-সন্ধিয়া বাংগালুৰুৰ গ্ৰাম্য অঞ্চলত সংঘটিত হয় এই ঘটনা। এই আতচবাজী গুডামটো কৰ্ণাটক-তামিলনাডু সীমান্তৰ অতি ওচৰত বুলি জানিব পৰা গৈছে।
বিস্ফোৰণৰ ফলত গুডামটোত অগ্নিকাণ্ড সংঘটিত হয়। সেই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কমেও ১৩ জন শ্ৰমিকৰ মৃত্যু হয়। এই ঘটনাত আৰু ৭ জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় অঞ্চলৰ মহাপৰিদৰ্শক বি আৰ ৰবিকান্ত গৌড়াই এই সন্দৰ্ভত জনোৱা মতে, ৭ জন আহত শ্ৰমিকক উদ্ধাৰ কৰি দুখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত শ্ৰমিকসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ গুৱাহাটীৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন জিএমচিৰ প্ৰাক্তন কাউন্সিলাৰ, ব্যৱসায়ী কল্যাণ দাস
বেংগালুৰু গ্ৰাম্য জিলা আৰক্ষী অধীক্ষক মল্লিকাৰ্জুন বালনন্দীয়ে কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গুডামটোত ২০ জন লোকে কাম কৰি আছিল। খবৰ পোৱাৰ লগে লগে আমি সেই ঠাইত উপস্থিত হ’লোঁ৷ সেই সময়ত কেইবাজনকো বিচাৰি পোৱা নগ’ল। পিছত সকলোকে উদ্ধাৰ কৰা হয়।