• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 7:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বিয়লি ঢাকাৰ উত্তৰাস্থিত মাইলষ্টোন স্কুল এণ্ড কলেজত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন বিমান। উৰণৰ ১২ মিনিটৰ ভিতৰতে সংঘটিত হয় এই দুৰ্ঘটনা। নিশাও বিদ্যালয়খনত উদ্ধাৰৰ কাম চলি থাকে।

ধ্বংসাৱশেষৰ তলত আৰু কোনোবা আবদ্ধ হৈ আছে নেকি জানিবলৈ সন্ধান চলি আছে। সোমবাৰে নিশালৈকে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে। আহত ১৫০ জনতকৈ অধিক। বাংলাদেশৰ ‘আন্তঃবাহিনী জনসংযোগ দপ্তৰ’ (আই এছ পি আৰ)য়ে এই কথা জনাইছে।

বাংলাদেশ বায়ুসেনাই জনাইছে যে তেওঁলোকৰ এফ টি-৭ বি জি আই বিমানখন মাইলষ্টোন স্কুলত দুৰ্ঘটনাগ্ৰস্ত হয়। আমেৰিকাৰ সামৰিক সঁজুলিৰ ৱেবছাইট ‘গ্ল’বেল ছিকিউৰিটি ডট কম’ৰ তথ্য অনুসৰি এফ টি-৭ বি জি আই বিমানখন চীনৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল। কোম্পানীটোৰ নাম চেংডু এয়াৰক্ৰাফ্ট কৰ্পৰেশ্যন।

বিমানখন দুজনীয়া আসন বিশিষ্ট আৰু ইয়াৰ একক ইঞ্জিন যুক্ত। সাধাৰণতে সেনাই এই বিমানখন প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰে। সোমবাৰে অনুশীলনৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

বাতৰি অনুসৰি, সোমবাৰে বিয়লি ঢাকাৰ কুৰ্মিটোলা বিমান ঘাটিৰ পৰা উৰা মাৰিছিল এফ টি-৭ বি জি আই বিমানখন। বিমানখনত এজন পাইলট আছিল। উৰণৰ ১২ মিনিটৰ ভিতৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও সম্পূৰ্ণ স্পষ্ট হোৱা নাই।

অৱশ্যে বিমানখন উৰণৰ পিছতেই পাইলটে বিমানখনত যান্ত্ৰিক বিসংগতি লক্ষ্য কৰা বুলি আইএছপিআৰে জানিবলৈ দিয়ে। তেওঁ বিমানখন খালী ঠাইত অৱতৰণ কৰিব বিচাৰিছিল। কিন্তু শেষত তেওঁ নোৱাৰিলে। বিমানখনে স্কুলৰ ভৱনত খুন্দা মাৰে।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মাইলষ্টোন স্কুল ভৱনটোত ১৬টা শ্ৰেণীকোঠা আৰু শিক্ষকৰ বাবে চাৰিটা কোঠা আছিল। এই ভৱনটোত প্ৰাথমিক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান অনুষ্ঠিত হৈছিল। যেতিয়া বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেতিয়াও ক্লাছ চলি আছিল। কেইমুহূৰ্তমান পিছত ছুটীৰ ঘণ্টা বাজি উঠিল। তাৰ আগতে সংঘটিত হৈছিল দুৰ্ঘটনা।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে বিমানখনত জুই লাগে। দ্ৰুতগতিত বিদ্যালয় ভৱনলৈ জুই বিয়পি পৰে। ধ্বংসাৱশেষৰ তলত পোত গৈছিল বহু ছাত্ৰ-ছাত্ৰী। জুইত বহু লোক জ্বলি ছাই হৈ যায়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে বিদ্যালয়ৰ সন্মুখত অভিভাৱকবোৰ গোট খাবলৈ ধৰে। সকলোৰে মুখত উৎকণ্ঠাৰ চাৱনি। সকলো দিশহাৰা হৈ পৰিল। ধ্বংসাৱশেষৰ তলত সন্তানক বিচাৰিবলৈ ধৰে। বহু অভিভাৱকে নিজৰ সন্তানক বিচাৰি নাপালে বুলি দাবী কৰে। একাংশই ততাতৈয়াকৈ চিকিৎসালয়লৈ যায়।

ইখনৰ পিছত সিখন এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হ’বলৈ ধৰে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাত বহুতৰে মৃত্যু হয়। কিন্তু বহুতৰে মৃতদেহ ইমান বেয়াকৈ জ্বলি গৈছিল যে চিনি পোৱাটো অসম্ভৱ হৈ পৰে। বাংলাদেশ কৰ্তৃপক্ষই তেওঁলোকক চিনাক্ত কৰিবলৈ ডি এন এ পৰীক্ষাৰ সহায় লৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী আৰু বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ দল মোতায়েন কৰা হয়।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰিছে চৰকাৰে। কেৱল সেয়াই নহয়, আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থাও কৰিছে চৰকাৰে।

বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰালয়ে এক অধিসূচনাযোগে ঘোষণা কৰিছে যে চৰকাৰী চিকিৎসালয়ৰ উপৰিও সকলো ব্যক্তিগত চিকিৎসালয়কে আহতসকলৰ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am
গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

September 5, 2025 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am
গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd