পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ এটা ৰে’ল ষ্টেচনত শনিবাৰে সংঘটিত হয় এক বিস্ফোৰণ। এই ঘটনাত ২৫ জন লোক নিহত হোৱাৰ বিপৰীতে ৫৩ জন আহত হয়। এই তথ্য স্থানীয় কৰ্তৃপক্ষ আৰু চিকিৎসালয়ৰ বিষয়াৰ উৎসৰ পৰা জানিব পৰা গৈছে।
কুৱেটাৰ বিভাগীয় আয়ুক্ত হামজা শ্বাফকাটে নিশ্চিত কৰিছে মৃত্যু হোৱা লোকৰ সংখ্যা। তেওঁ কয় যে এয়া আত্মঘাতী বিস্ফোৰণ।
বেলুচিস্তানৰ মাষ্টুং অঞ্চলৰ এখন বিদ্যালয় আৰু চিকিৎসালয়ৰ সমীপত শেহতীয়া বিস্ফোৰণৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ এসপ্তাহৰ পাছতে এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।
যোৱা বছৰৰ পৰা পাকিস্তানত বিশেষকৈ বেলুচিস্তান আৰু পাখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদী ঘটনা বৃদ্ধি পাইছে।
লগতে পঢ়কঃ ১৯৭৪ চনত সংঘটিত হত্যাকাণ্ডৰ সত্য উদঘাটন! ৫০ বছৰ পাছত চিনাক্ত কৰা হ’ল হত্যাকাৰীক
আজিৰ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানৰ নিষিদ্ধ সশস্ত্ৰ সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে।
কুৱেটাৰ সংমণ্ডল আয়ুক্ত হামজা শ্বাফকাটে কয় যে প্ৰশাসনে ৰে’ল কৰ্তৃপক্ষক ৰে’ল সেৱা সাময়িকভাৱে বন্ধ কৰিবলৈ পত্ৰ দিছে। আহত লোকসকলৰ বাবে ৰক্তদান কৰিবলৈ জনসাধাৰণক অনুৰোধ জনায়।
জ্যেষ্ঠ আৰক্ষী বিষয়া মহম্মদ বালুচে জনোৱা মতে, ঘটনাস্থলীত প্ৰায় ১০০ জন লোক উপস্থিত আছিল। জাফৰ এক্সপ্ৰেছ নামৰ ৰে’লখনে পেছোৱাৰলৈ যাবলৈ সাজু হৈ থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়।
বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিণ্ডে এক বিবৃতিত কয় যে আৰক্ষী আৰু নিৰাপত্তা বাহিনী সেই স্থানত উপস্থিত হৈছে।
লগতে পঢ়কঃ পুনৰ সশস্ত্ৰ সংঘাত আৰম্ভ কৰাৰ ভাবুকি নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)ৰ
ঘটনাস্থলীৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰে বোমা নিষ্কাশনকাৰী দলে। এই ঘটনাত তেওঁলোকৰ পৰা ৰিপৰ্ট বিচৰা হৈছে।