যোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১০০ৰো অধিক ৰে’লৰ চলাচল বাতিল কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ ফলত দুই ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ মানুহৰ টোপনি হৰিছে। বহু লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।
ইতিমধ্যে আৰব সাগৰত গঠন হোৱা ঘূৰ্ণীবতাহৰ বাবে চিন্তিত হৈ পৰিছে বতৰ বিজ্ঞান বিভাগ। অৱশ্যে ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ বিশেষ নহ’ব বুলি আশা কৰা হৈছে। কিন্তু নিম্নচাপৰ বাবে ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। তাৰমাজতে একাধিক ৰাজ্যত ধাৰাবাহিক বৰষুণ দি আছে।
অন্ধ্ৰ-তেলেংগানাও বিগত কেইদিনমান ধৰি বৰষুণ দি আছে। কিন্তু দুৰ্যোগ ইয়াতেই শেষ নহয়। বতৰ বিজ্ঞানৰ কার্যালয়ৰ তথ্য অনুসৰি ৰাজ্য দুখনত আগন্তুক ৫ তাৰিখৰ পৰা অধিক বৰষুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশত মৃত্যুৰ সংখ্যা ১২ জন। তেলেংগানাত আন ১৫ জনৰ মৃত্যু হৈছে।
লগতে পঢ়কঃ দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ
সম্প্ৰতি এনডিআৰএফৰ আৰু ২৬টা দল ৰাজ্য দুখনৰ ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সৈতে মিলি তেওঁলোকে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। বৰ্তমান ৰাজ্য দুখনৰ কেইবাখনো গাঁও আৰু অঞ্চল পানীৰ তলত। ঘৰৰ ভিতৰত পানীৰ পৰা আৰম্ভ কৰি গাড়ী-দোকানলৈকে সকলো ডুব গৈছে। বহু লোকে সাহায্য শিবিৰত আশ্ৰয় লৈছে।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত খা-খবৰ লৈছে। তেওঁলোকৰ দ্বাৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়া হৈছে।
এই দুৰ্যোগৰ বাবে ১০০ৰো অধিক ৰে’ল বাতিলৰ সমান্তৰালকৈ বহু ৰে’লৰ যাত্ৰাপথ সলনি কৰা হৈছে। স্বাভাৱিকতে সাধাৰণ ৰে’ল যাত্ৰীসকলো বিপদত পৰিছে। জানিব পৰা মতে, ৰাজ্য দুখনৰ বিভিন্ন ষ্টেচনত আবদ্ধ হৈ আছে ছয় হাজাৰৰো অধিক লোক। কিন্তু বহু অঞ্চলত ৰে’ল লাইন পানীৰ তললৈ গৈছে, যাৰ বাবে ৰে’ল চলোৱাত অসুবিধা হৈছে। সেয়ে বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়কঃ ৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ
দৰাচলতে যি সময়ত আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে, সেয়া হোৱাৰ কথা নহয়। ৪৮ বছৰৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। বাৰিষাৰ সময়ত আৰব সাগৰৰ উষ্ণতা সাধাৰণতে ২৬ ডিগ্ৰীৰ তলত থাকে। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সাধাৰণতে ঘূৰ্ণীবতাহ সৃষ্টি হোৱাৰ সম্ভাৱনা নাথাকে। সেয়ে আতংকৰ সৃষ্টি হৈছে।