প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দেওবাৰে বিয়লি মেলাৰ ১৯ নং ছেক্টৰৰ এটা তম্বুত অগ্নিকাণ্ড সংঘটিত হয়। কিহৰ পৰা জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু তম্বুৰ ভিতৰত থকা গেছ চিলিণ্ডাৰৰ বাবেই এই বিস্ফোৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। খবৰ অনুসৰি ইতিমধ্যে প্ৰায় পঞ্চাশটা তম্বু জ্বলি গৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনাৰ পৰাই উত্তৰ প্ৰদেশ চৰকাৰক নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশংসা কৰে। কিন্তু মেলাৰ সাত দিনৰ ভিতৰত এনে এক বৃহৎ ঘটনাত যোগী চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। গীতা প্ৰেছত অগ্নিকাণ্ডৰ খবৰ পাইয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগী আদিত্যনাথক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে।
উত্তৰ প্ৰদেশৰ মন্ত্ৰী এ কে শৰ্মাই দাবী কৰিছে যে তেওঁ গীতা প্ৰেছৰ দায়িত্বত থকা বিষয়াসকলক সাক্ষাৎ কৰি কথা পাতিছিল। জানিব পৰা মতে ৩টা চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুই বিয়পি পৰে। অৱশ্যে ২০ মিনিটৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ জুই জোৱানে নিয়ন্ত্ৰণলৈ আনে। মন্ত্ৰীগৰাকীৰ মতে, ‘শিবিৰটোত প্ৰায় ১০০ জন লোক আছিল। কিন্তু মাতৃ গংগাৰ আশীৰ্বাদত কোনো দুৰ্ঘটনা সংঘটিত নহ’ল।‘
গোৰখপুৰ গীতা প্ৰেছৰ ট্ৰাষ্টী কৃষ্ণ কুমাৰ খেমকাই কয় যে অখিল ভাৰতীয় ধৰ্ম সংঘ আৰু গীতা প্ৰেছৰ যৌথ উদ্যোগত এই শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰায় ১৮০ টা অস্থায়ী তম্বু অতি যত্নৰে স্থাপন কৰা হৈছিল। সকলোকে জ্বলনশীল বস্তুৰে একো নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
তেওঁৰ ভাষাত, ‘আমাৰ সীমা পশ্চিম দিশেৰে দিয়া হৈছিল। তেতিয়া প্ৰশাসনে সেই অঞ্চলটো কাক দিলে মই নাজানো। জুই কেনেবাকৈ সিফালৰ পৰা আহে। সেইবাবেই আমাৰ সকলো তম্বু জ্বলি গ’ল। ভগৱানৰ কৃপাত কোনো লোকৰ ক্ষতি হোৱা নাই, সেইটোৱে ডাঙৰ কথা। কৃষ্ণ কুমাৰে লগতে জনায় যে তেওঁলোকৰ প্ৰায় ১ কোটি টকাৰ লোকচান হৈছে।