তিনিচুকীয়াৰ কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা; ৭জন নিহত, গুৰুতৰভাৱে আহত ১১জন

প্রতিনিধিত্বমূলক ফটো।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰ ডিৰাকত নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হয়। নিশা প্ৰায় ১০.৩০ বজাত এখন ট্ৰাক আৰু মালবাহী মেজিক বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত আন ১১জন লোক গুৰুতৰভাৱে আহত হয়।

বাতৰি অনুসৰি, AS 23 CC 8930 নম্বৰৰ ট্ৰাকখন আৰু AR 20 A 1093 নম্বৰৰ মাল কঢ়িওৱা টাটা মেজিক খনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

ডুমডুমাৰ সাপ্তাহিক মংগলীয়া বজাৰৰ পৰা ডিৰাক সোণজানৰ বাসগৃহলৈ টাটা মালবাহী মেজিকেৰে গৈ থকা সময়ত ট্ৰাকখনৰ সৈতে হোৱা সংঘৰ্ষত এইদৰে লোককেইজন নিহত হয়।

নিহত কেইজনক বিলি বৰুৱা, ৰীণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ (চালক), কুলাই মেছ, জোনালী মৰাণ, আৰু পল্লৱী দহোটীয়া বুলি চিনাক্ত কৰা হৈছে।

সেইদৰে, আহতসকল হ’ল ক্ৰমে বুৰঞ্জীত মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লখিমণী মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ, অতুল গগৈ আৰু মাকন গগৈ।

আহতসকলক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, সুৰামত্ত ট্ৰাকখনৰ চালকে মেজিক বাহনখন মহটিয়াই নিয়াৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰাকখন অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল।

ইপিনে, দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।