মালিৰ সোণৰ খনিত খহনীয়া, সুৰংগ ভাঙি পৰি কমেও ৭৩ জনৰ মৃত্যু

ফটোঃ সংগ্ৰহীত।

আফ্ৰিকাৰ দেশ মালিত সোণৰ খনিৰ সুৰংগ ভাঙি ৭৩ জনতকৈ অধিক শ্ৰমিকৰ মৃত্যু ঘটিছে। এই ঘটনাত আন বহুতো লোক আহত হয়। যোৱা শুকুৰবাৰে মালিৰ দক্ষিণ-পশ্চিম অঞ্চলৰ কংগাবা চহৰত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত হোৱা সোণ খননৰ বিষয়া ওমৰ ছিদিবে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰথমতে তীব্ৰ শব্দ হৈছিল। ইয়াৰ লগে লগে মাটি কঁপি উঠে। তাৰপিছতে খহি পৰিল সুৰংগটো। দুৰ্ঘটনাৰ সময়ত খনিটোত দুশৰো অধিক শ্ৰমিকে কাম কৰি আছিল। আমি ৭৩জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছো।

লগতে পঢ়কঃ আমেৰিকাত নাইট্ৰজেন গেছৰ দ্বাৰা প্ৰথম মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’ব নাৰী হত্যাকাৰী কেনেথ স্মিথৰ

স্থানীয় কাউন্সিলাৰগৰাকীয়েও সংবাদ মাধ্যমৰ আগত ৭৩ জন লোকৰ মৃত্যু হোৱা বুলিও জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে মঙলবাৰে মালিৰ খনি মন্ত্ৰালয়ে এক বিবৃতিত এই দুৰ্ঘটনা আৰু একাংশ শ্ৰমিকৰ মৃত্যুৰ খবৰ দিয়ে। অৱশ্যে বিবৃতিটোত নিহত শ্ৰমিকৰ সংখ্যাৰ কথা উল্লেখ কৰা হোৱা নাছিল।

ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে খনি শ্ৰমিকসকলক অকৰ্তৃত্বশীল সুৰংগ খন্দাৰ বিৰুদ্ধে সকীয়াই দিছিল। খনন স্থানৰ ওচৰত বাস কৰা জনগোষ্ঠীসমূহক সুৰক্ষাৰ নিয়ম মানি চলিবলৈ আৰু কেৱল সোণৰ পেনিঙৰ বাবে সংৰক্ষিত অঞ্চলতহে কাম কৰিবলৈও চৰকাৰে কয়।

মন্ত্ৰালয়ে এই ঘটনাৰ অধিক তদন্ত কৰি বৃহস্পতিবাৰে অঞ্চলটোলৈ এটা দল প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজপথত নামিব কৃষক সংগঠন; ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

আফ্ৰিকাৰ তৃতীয় বৃহত্তম সোণ উৎপাদনকাৰী দেশ যদিও মালি বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ। দেশখনত মাজে সময়ে খনন দুৰ্ঘটনাৰ খবৰ আহি থাকে।