পাঠশালাত মহাপুৰুষৰ প্ৰতি অসন্মান প্ৰদৰ্শন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ

চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি গুৰুজনাৰ তিথিত খোলা ৰাখিলে বিদ্যালয়

Christ Jyoti School

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি। এই উপলক্ষে ৰাজ্য চৰকাৰে NI Act অধীনত চৰকাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি পাঠশালাৰ হৰিপুৰৰ ‘খ্ৰাইষ্ট জ্যোতি’ নামৰ এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়য়ে পাঠদান খোলা ৰাখে।

মহাপুৰুষজনাৰ প্ৰতি বিদ্যালয়খে প্ৰদৰ্শন কৰা এই অসন্মানৰ বিষয়ে জানিব পাৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ কলিতাৰ নেতৃত্বত ধৃতিৰাজ তালুকদাৰ, অৰূপ শৰ্মা মৌপ্ৰান তালুকদাৰ, কিশোৰ ৰয়সহ এটি সজাতি দলে গৈ বিদ্যালয় কৰ্তৃপক্ষক সোধ-পোছ কৰাত তেওঁলোকে ‘ৰাজ্য চৰকাৰৰ নিয়মক মানি নলও’ আৰু ‘শংকৰদেৱৰ বিষয়ে নাজানো’ বুলি মন্তব্য প্ৰকাশ কৰে।

যুৱ ছাত্ৰ পৰিষদৰ পাঠশালা আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ কলিতাই তেওঁলোকে অসমৰ বায়ু, পানী সেৱন কৰি অসমৰ ৰীতি নীতি বা অসমৰ সংস্কৃতিৰ বিষয়ে নাজানিলে তথা নিয়ম মানি নচলিলে ভবিষ্যতে  বিদ্যালয়খনৰ ওপৰত কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি হুংকাৰ দিয়ে।

পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰে বিদ্যালয়খৰ এনেধৰণৰ কৰ্মকাণ্ডত ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই পূৰ্বতেও বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অভিভাৱকক বেয়া ব্যবহাৰ কৰিছিল বুলি অভিযোগ কৰে।

বিদ্যালয়খনৰ বিৰুদ্ধে অসম চৰকাৰক ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই ক্ষেত্ৰত প্ৰশাসনে যদি কোনো ব্যবস্থা গ্ৰহণ নকৰে তেতিয়া ৰাইজৰ সহযোগত বিদ্যালয়খন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ব বুলি সংগঠনটোৱে সকীয়াই দিয়ে।

ইয়াৰ উপৰি ভাৰতীয় জনতা যুৱ মৰ্চা বজালী জিলা সমিতিৰ একাংশ কৰ্মীয়েও বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষক অনাগত দিনত এনেধৰণৰ ভুল নকৰিবলৈ সকিয়াই দিয়াৰ লগতে ৰাইজ তথা অভিভাৱক সকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।