NORTHEAST NOW (Assamese)

আমগুৰিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত আটাছুৰ

February 4, 2019 8:31 pm · ৰাজীৱ দত্ত
Updated: February 4, 2019 8:37 pm
ফটো : নৰ্থ-ইষ্ট নাও

তাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি আমগুৰিত আটাছুৰ সদস্যই অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে জাতিধ্বংসী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তিও দাহ কৰা দেখা যায়।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যাগত আৰু জাঁজী আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত আটাছুৰ আমগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰদ্যুৎ গগৈ, সম্পাদক আদিত্য ৰূচাও, জিলা সমিতিৰ উপসভাপতি দেৱজিৎ চেতিয়া, অখিল আহোম আৰু কাৰ্যনিৰ্বাহক সদস্য বিক্ৰমাদিত্য বড়া ,শিৱসাগৰ মহকুমা সমিতিৰ সম্পাদক দিনেশ গগৈ, প্ৰচাৰ সম্পাদক গৌতম দিহিঙ্গিয়াৰ লগতে বহুতো লোকে অংশগ্ৰহণ কৰে।

Related News