NORTHEAST NOW (Assamese)

মহানগৰীত গ্ৰেপ্তাৰ হাৰিয়ানাৰ দুজন ATM প্ৰৱঞ্চক

January 23, 2022 9:56 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

মহানগৰীত শনিবাৰে সন্ধিয়া গুৱাহাটী আৰক্ষীয়ে দুজন এটিএম প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজনক ৰাজেশ আৰু বীৰেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰৱঞ্চক দুজন হাৰিয়ানাৰ হিছাৰ জিলাৰ খান্দা খেৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

তেওঁলোকে এটিএম বুথ বিলাকত গ্ৰাহকৰ এটিএম কাৰ্ড সলনি কৰি প্ৰৱঞ্চনামূলক কামকাজ চলাই আহিছিল।

আৰক্ষীয়ে জনায় যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিৰ প্ৰৱঞ্চক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: সেয়া মৰম নাছিল যদি, আছিলনো কি? ’পূৰ্বৰ প্ৰেমিক’ ঋষভ পন্টক ট্ৰোল কৰি ভাইৰেল উৰ্বশী!

প্ৰৱঞ্চক দুজনক গুৱাহাটীৰ লখৰা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকৰ জিম্মাৰ পৰা ৩৮খন এটিএম কাৰ্ড উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে এটিএম প্ৰৱঞ্চনাৰ এই  অপৰাধ দেশত এক ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। বহু সময়ত প্ৰযুক্তিৰ বিষয়ে সচেতন নোহোৱা লোক সাধাৰণতে এনেধৰণৰ অপৰাধৰ বলি হৈ আহিছে।   

Related News