চিকিৎসক বদলিৰ নিৰ্দেশ স্থগিতকৰণৰ দায়িত্ব ল’ব লাগিব মন্ত্ৰী অতুল বৰাই – দাবী জীপাল কৃষক শ্ৰমিক সংঘ‌‌‌ৰ

এফালে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত অভাৱ পৰ্যাপ্ত চিকিৎসক , চিকিৎসাকৰ্মীৰ ।আনফালে বান বিভীষিকাৰ সময়তে বদলি একমাত্ৰ প্ৰসূতি চিকিৎসকক৷বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়া!
বন‌্যাৰ্তৰ হাহাকাৰৰ মাজতেই তিনিমাহ নৌহওঁতেই অভিসন্ধিমূলক ভাৱে বোকাখাতৰ পৰা বদলি প্ৰসূতি বিভাগৰ একমাত্ৰ  দক্ষ চিকিৎসক ড০ গুণকুমাৰ দলেক।

বদলিৰ পাছতেই হাহাকাৰ বন্যাক্ৰান্ত ৰোগীৰ।

যুতীয়া স্বাস্থ্য সঞ্চালকলৈ ৰাজহুৱা স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ বোকাখাত মহকুমা ৰাইজৰ।

উল্লেখযোগ্য যে ১২কোটি ৫লাখ ৬৮হাজাৰ ৯শ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০০খন বিচনাযুক্ত এই বিয়াগোম চিকিৎসালয়খনে আজিও উপকৃত কৰিব পৰা নাই সমষ্টিটোৰ সাধাৰণ ৰাইজক।

বৰঞ্চ সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ ৰেফাৰ কৰা,,চিকিৎসাৰ বিসংগতিৰ লগতে চিকিৎসক-নাৰ্চৰ অভাৱ তথা অপৰ্যাপ্ত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় সমস্যাই ভাৰাক্ৰান্ত কৰি আহিছে সাধাৰণ ৰাইজক।

চিকিৎসক,চিকিৎসাকৰ্মীৰ নাটনিৰ সময়তে এইবাৰ  একমাত্ৰ প্ৰসূতি চিকিৎসক গৰাকীকো বদলি কৰাক লৈ চৰকাৰলৈ প্ৰশ্ন বোকাখাতৰ জনতাৰ।
ইফালে শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মন্ত্ৰী অতুল বৰালৈ প্ৰশ্ন জীপাল কৃষক শ্ৰমিক সংঘৰ-
জনজাতীয়মূলৰ চিকিৎসক হোৱাৰ বাবেই এই অভিসন্ধি নেকি মন্ত্ৰী অতুল বৰাৰ ? মহকুমা স্বাস্থ্য অধীক্ষকৰ লগত আলোচনাত মিলিত জীপাল কৃষক শ্ৰমিক সংঘ।বদলিৰ নিৰ্দেশ ৰাজহুৱা কৰিবলৈও দাবী সংগঠনটোৰ।তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ আশাকৰ্মীসকলৰ, প্ৰসূতি-গৰ্ভৱতীক বঞ্চিত কৰি কোনো কাৰণতে কাৰ্যকৰী হবলৈ দিয়া নহ’ব বদলিৰ নিৰ্দেশ।