ৰাজ্যৰ কৃষকৰ বাবে মুকলি হ’ব হেল্প লাইন নম্বৰ, ঘৰতে প্ৰদান কৰা হ’ব বীজ : অতুল বৰা

atul-borah

অতুল বৰা-ফটো সৌজন্য-উইকিপিডিয়া

‘‘প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা ল’কডাউনৰ সময়ছোৱাত কৃষক ৰাইজে কষ্ট ভোগ কৰিবলগীয়া হৈছে যাৰ বাবে আমি মুঠ ৪ কোটি ৭০ লাখ টকা মোকলাই দিছো, যাতে কৃষকসকলে নিজৰ ক্ষতি পুৰণ কৰিব পাৰে,’’ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই মন্ত্ৰী আৱাসৰ নিজ বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত এনেদৰে কয়।

তদুপৰি ল’কডাউনৰ সময়ত ৰাজ্যৰ কৃষকক আৰ্থিকভাৱে সহায়ৰ আশ্বাস দিছিল মন্ত্ৰী বৰাই। বৰ্মানলৈ ৰাজ্যৰ মুঠ আঢ়ৈ লাখ কৃষকে চৰকাৰৰ পৰা ২৫০০ টকাকৈ লাভ কৰিছে আৰু দুই এদিনৰ ভিতৰতে প্ৰায় সকলোৱে লাভ কৰিব বুলও বৰাই উল্লেখ কৰে।

‘’কৃষক সকলৰ যি ক্ষতি হৈছে তাৰ বাবে মই ব্যথিত। কৃষক সকলে নিজৰ বাৰীতে যাতে তিঁয়হ, জিকা, ভোল আদি পাচলিৰ খেতি কৰিব পাৰে তাৰবাবে অসম চৰকাৰৰ কৃষি বিভাগে ঠিৰাং কৰিছে,’’ মন্ত্ৰী অতুল বৰাই লগতে কয়।

আনহাতে, কৃষকৰ উৎপাদিত সামগ্ৰী সমূহ যাতে বেয়া হৈ নাযায় তাৰ বাবে কৃষি বিভাগে বিভাগৰ বিষয়াক লৈ ৰাজ্যিক, জিলা পৰ্য্যায়ত কমিটি গঠন কৰি দিছে বুলিও বৰাই জনায়।

বৰ্তমানলৈ ৰাজ্যৰ মুঠ ১৬ খন জিলাত ৩,৫৭১ মেট্ৰিক টন পাচলি নষ্ট হৈছে বুলিও তেওঁ সংবাদমেলত তথ্য দাঙি ধৰে।

ইপিনে, বহু লোকে ছ’চিয়েল মিডিয়াত শাক-পাচলিৰ পৰাও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হয় বুলি  অপপ্ৰচাৰ কৰিছে যাৰ ফলত বহু লোকে পাচলি গ্ৰহণ কৰা নাই বুলিও মত ব্যক্তি কৰে মন্ত্ৰী বৰাই।

‘‘অসমে বহু ৰাজ্যলৈ শাক-পাচলি ৰপ্তানি কৰে ল’কডাউনৰ ফলত এই শাক-পাচলি ৰপ্তানি কৰিব নোৱাৰা বাবে বহু ক্ষতি হ’ব,’’ অতুল বৰাই কয়।

কৃষক সকলৰ সহায়ৰ বাবে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ক’ল চেণ্টাৰৰো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কাইলৈ এই হেল্প লাইন নম্বৰ মুকলি কৰি দিয়া হ’ব বুলি বৰাই জানিবলৈ দিয়ে।

প্ৰথম অৱস্থাত গাখীৰ সংগ্ৰহ কৰাৰ সময়টো অসুবিধাৰ সৃষ্টি হৈছিল যদিও বৰ্তমান সময়ত ১২,১৩০ লিটাৰ গাখীৰ সংগ্ৰহ কৰি থকা হৈছে আৰু পৰৱৰ্তী সময়ত মাংসৰ যোগানৰ বাবেও মুখ্য মন্ত্ৰীক অৱগত কৰিব বুলি অতুল বৰাই কয়।

অসমত বৰ্তমান সময়ত ৭ টা চৰকাৰী শীতল ভাণ্ডাৰ সৈতে মুঠ ৩৬ টা শীতল ভাণ্ডাৰ আছে। চৰকাৰী শীতল ভাণ্ডাৰ ৭ টাৰ ভিতৰত মাত্ৰ দুটাহে বৰ্তমান সময়ত কাৰ্য্যক্ষম হৈ আছে।