• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2023 8:08 am
1.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত বিজয়ৰ পথলৈ উভতিল পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া। সোমবাৰে ৫ উইকেটত পৰাস্ত কৰে শ্ৰীলংকাক। কেংগেৰু দলটোৱে ৩৫.২ অভাৰত ২০৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি সহজে জয় সাৱ্যস্ত কৰে।

দৰাচলতে একেৰাহে দুখন মেচত পৰাস্ত হৈ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে  যেন উশাহ হেৰুৱাই পেলাইছিল। সেয়ে,শ্ৰীলংকাৰ বিৰুদ্ধে লক্ষ্নৌৰ খেলখন অষ্ট্ৰেলিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।

শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আঘাতৰ বাবে অধিনায়ক দাছুন শানাকাই খেলপথাৰৰ পৰা বাহিৰ হৈ আছে। কিন্তু শ্ৰীলংকাই হাৰ মনা নাছিল। পাথুম নিশংকা আৰু কুশল পেৰেৰাই আৰম্ভণিতে এক সুন্দৰ আৰম্ভণি দিয়ে। দুয়োজনে প্ৰথম যুটিত ১২৫ ৰান সংগ্ৰহ কৰে।

অষ্ট্ৰেলিয়াৰ অধিনায়ক কামিন্সে এই যুটিটো ভাঙি পেলায়। নিশংকাক ঘূৰাই পঠিয়ায় (৬১)। আনজন অ’পেনাৰ কুশল পেৰেৰাও (৭৮) কামিন্সৰ চিকাৰ হয়।

ইয়াৰ পিছত শ্ৰীলংকাৰ বেটিং লাইন আপ তাচপাতৰ দৰে খহি পৰিল। তেওঁলোকৰ ইনিংছ অন্ত পৰে ৪৩.৩ অভাৰত ২০৯ ৰানত। মাজতে চেৰিথে আশালংকাই ২৫ৰাণ কৰে। বাকী কোনোৱেই দুটা সংখ্যাৰ ৰাণত উপনীত হ’ব নোৱাৰিলে।

অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ বলাৰ হৈ উঠিল জাম্পা। তেওঁ চাৰিটা উইকেট লাভ কৰে। কামিন্সৰ বাহিৰেও ষ্টাৰ্কে দুটা উইকেট লাভ কৰে। মাত্ৰ ৪৪ ৰানত শ্ৰীলংকাই ৮টা উইকেট হেৰুৱায়।

ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ভাল আৰম্ভণি কৰা নাছিল। মাত্ৰ ২৪ ৰানৰ ভিতৰতে হেৰুৱায় দুটা উইকেট। মিচেল মাৰ্ছ ৫২, মাৰ্নাছ লাবুচেন ৪০ আৰু জোছ ইংলিছে ৫৮ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ পথলৈ ঘুৰাই আনে।

আনহাতে, মেক্সৱেলে ৩১ ৰানত অপৰাজিত হৈ থাকে। শ্ৰীলংকাৰ বলাৰৰ ভিতৰত মধুশংকাই তিনিটা উইকেট দখল কৰে।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd