অসম লেখিকা সংস্থাৰ শিৱসাগৰ শাখাৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডঃ নিৰুপমা মহন্তৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়।
“জীৱন জলধিৰ ঢৌ নিৰুপম” নামৰ গ্ৰন্থ খনি অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে উন্মোচন কৰে।
ডঃ নিৰুপমা মহন্তৰ জীৱন বৃত্ত সামৰি লোৱা গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানৰ শুভ উন্মোচন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ড০ এছ লক্ষ্মননে।
সভাত সাহিত্যিক ৰতিপ্রভা গগৈ, বৰ খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলা কান্ত মহন্ত আদিকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে শিৱসাগৰ নগৰৰ সমীপৰ কোঁৱৰপুৰ বৰ খাটপাৰ সত্ৰৰ বোৱাৰী ডঃ মহন্তই নিচেই কম বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল।
বিবাহৰ পাছত উচ্চ শিক্ষা গ্ৰহণ কৰি সংসাৰৰ সকলো দায়িত্ব সুচাৰুভাৱে পালন কৰি ডঃ মহন্তই নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে ৫ জনকৈ সন্তানক মানুহ কৰাৰ গুৰু দায়িত্ব সফলতাৰে সম্পন্ন কৰিছিল।
ডঃ মহন্তই আঠটা নাতি লাভ কৰাৰ পাছত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
বিগত সময়ত ডঃ মহন্তই মহাপুৰুষীয়া পৰম্পৰা সন্দৰ্ভত দীৰ্ঘদিন ধৰি গৱেষণা কৰি কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে।
ড০ নিৰুপমা মহন্তই এতিয়াও নিৰবিছিন্নভাবে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে।