শুকুৰবাৰ বিয়লি বিহাৰৰ কাটিহাৰ জিলাত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত এজন ৰেল শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে আৰু চাৰিজন গুৰুতৰভাৱে আহত হয়। পূৱ মধ্য ৰেলৱেৰ অন্তৰ্গত বাৰাউনী-কাটিহাৰ শাখাৰ কৰ্হাগোলা আৰু ছেমাপুৰ ষ্টেচনৰ মাজত অৱস্থিত মহাৰাণী গাঁৱৰ কাষত এই দুৰ্ঘটনা সংঘটিত হয়।
সূত্ৰ অনুসৰি ৰে’ল লাইনৰ ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত আছিল পাঁচজন ৰে’ল কৰ্মী। চাৰিজন মেইণ্টেনেন্স ট্ৰলীত বহি থকা অৱস্থাত আছিল আৰু এজন শ্ৰমিক ৰে’ল লাইনৰ ওপৰত কাম কৰি আছিল। ঠিক সেই সময়তে ১৫৯১০ সংখ্যক আৱধ-আছাম এক্সপ্ৰেছ ৰে’লখন ৰে’ল পথেদি ডিব্ৰুগড় অভিমুখে গৈ আছিল। দুপৰীয়া প্ৰায় ২:২০ বজাত ৰে’লখনে পিছফালৰ পৰা মেইণ্টেনেন্স ট্ৰলীক খুন্দা মাৰে।
এই খুন্দাত নিহত শ্ৰমিকজনৰ নাম প্ৰমোদ কুমাৰ বুলি ৰেলৱে সূত্ৰই নিশ্চিত কৰিছে। দুৰ্ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। স্থানীয় ৰাইজে আহত চাৰিজন শ্ৰমিকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছে।
পূৰ্ব-মধ্য ৰে’লৱেৰ সোণপুৰ সংমণ্ডলৰ ৰ’ল প্ৰবন্ধক বিবেক ভূষণ ছুদে সংবাদ মাধ্যমক জনোৱা মতে, এই দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যুৰ লগতে চাৰিজন আহত হৈছে। দুৰ্ঘটনাটোৰ পূৰ্ণাঙ্গ তদন্ত আৰম্ভ কৰা হৈছে আৰু কিয় এই দুৰ্ঘটনা ঘটিল সেয়া জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে।
এই ঘটনাই পুনৰ এবাৰ ৰে’ল শ্ৰমিকৰ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু ৰে’ল বিভাগে তৎপৰতাৰে ব্যৱস্থা ল’ব বুলি আশা কৰা হৈছে।