যাৰ বৈজ্ঞানিক প্ৰমাণ নাই সেইটোৱেই হৈছে অন্ধবিশ্বাস : ড ° দিব্যজ্যোতি শইকীয়া

হাওৰাঘাটত 'অন্ধবিশ্বাস, ডাইনীকাণ্ড, দলবদ্ধ আক্ৰমণ' শীৰ্ষক সজাগতা সভা

ফটো : নৰ্থ-ইষ্ট নাও

গুণগত প্ৰকৃত শিক্ষাইহে অন্ধবিশ্বাস ৰোধ কৰিব পাৰিব। য’ত আৰু তাৰ বৈজ্ঞানিক প্ৰমাণ নাই সেইটোৱেই হৈছে অন্ধবিশ্বাস।

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ উদ্যোগত হাওৰাঘাটৰ বালিগাঁও বজাৰত বুধবাৰে অনুষ্ঠিত হোৱা অন্ধবিশ্বাস, ডাইনীকাণ্ড আৰু দলবদ্ধ আক্ৰমণ’ শীৰ্ষক সজাগতা সভাত মুখ্য অতিথিৰ ভাষণত এই মন্তব্য কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াই।

তেওঁ লগতে আৰু কয় যে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ স্থানীয় লোকসকলে অনুভৱ কৰাৰ লগতে অন্ধবিশ্বাস, ডাইনীকাণ্ড, দলবদ্ধ আক্ৰমণ কিয় হয় জানি বুজি প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব।

‘আমি জানিব লাগিব এই সমূহ কুসংস্কাৰৰ পৰা আমি কেনেকৈ মুক্তি লাভ কৰিব পাৰিম। সমাজৰ নেতৃত্ব প্ৰদান কৰা লোক সকলে নিজে জানি বুজিহে গ্ৰামঞ্চলৰ লোক সকলক সু নেতৃত্ব প্ৰদান কৰিব পাৰিব’, এইদৰে কয় তেওঁ।

এই বিশ্লেষণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়োৱাৰ উপৰি ৰাষ্ট্ৰীয় অভিলেখকাৰী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই ডকমকাত, চেৰাকানি আৰু ডিফুত ঘটি যোৱা অভি-নীল, দেৱযানী বৰা আৰু ঝংকাৰ হত্যাৰ কাহিনী স্মৰণ কৰি বিজ্ঞানৰ অপব্যৱহাৰ আৰু অপপ্ৰয়োগ সমাজৰ এচাম মানুহেই বিপথে পৰিচালিত কৰিছে বুলি কয়।

সেইবাবেই সমাজত নীৰিহজনক ডাইনী সজাই হত্যা কৰি আহিছে বুলিও উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘অন্ধবিশ্বাস আৰু অন্ধশ্ৰদ্ধা এই ভ্ৰান্ত ধাৰনাৰ বিষয়ে যেতিয়ালৈকে সজাগ নহ’ব তেতিয়ালৈকে মানৱ সমাজ অন্ধবিশ্বাসৰ পৰা মুক্ত নহ’ব’।

যোৱা ৯ নৱেম্বৰৰ পৰা কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ফংলকপেট, ডকমকা আদি অঞ্চলত অন্ধবিশ্বাস, ডাইনীকাণ্ড, সোপা ধৰা, দলবদ্ধ আক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত কেইবাখনো সভা অনুষ্ঠিত হয়।

১০ নৱেম্বৰ দিনা ডকমকাত অনুষ্ঠিত সভাত জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই আজি যিখনি কথা বিশ্লেষণ কৰিছে এই কথাবোৰ আপোনালোক সামাজিক নেতা সকলে নিজ নিজ গাঁৱত গৈ হাতে কামে লাগি প্ৰয়োগ কৰক। তেতিয়াহে নিশ্চিত ভাবে এনেবোৰ ঘটনা ৰোধ হ’ব।

আৰক্ষী আধীক্ষক দেউৰীয়ে আৰু কয় যে মহিলা সকলে কম বয়সৰ পৰা নিজ সন্তানক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব লাগিব।

মানব অধিকাৰ কৰ্মী ড° শইকীয়াই পুনৰ কয় যে বিজ্ঞানমনস্কতা তথা বৈজ্ঞানিক ধ্যান ধাৰণাই শিক্ষাৰ স্বাভাৱিকতাক বিকশিত কৰি মানসিক স্বাস্থ্যক সুস্থ সবল কৰে। সেয়ে প্ৰকৃত গুণগত শিক্ষাইহে সমাজ এখনক সুস্থ সবল কৰি তুলিব।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক সংগঠন Brothers ৰ কৰ্মী সকলে ডাইনী অন্ধবিশ্বাস সন্দৰ্ভত এলানি বাটৰ নাট প্ৰদৰ্শন কৰে।