অৰুণাচল প্ৰদেশত শিক্ষাৰ্থীৰ মাজত বিপন্ন গিবন সংৰক্ষণ বিষয়ক সজাগতা সৃষ্টি  

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে নামদফা ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ সহযোগত আৰু এৰকাছ ফাউণ্ডেশ্যনৰ সমৰ্থনত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ অঞ্চলসমূহত হলৌ গিবন সংৰক্ষণ শিক্ষা আৰু সজাগতা বিষয়ক এলানি কাৰ্যসূচী অনুষ্ঠিত কৰিছে ।  

চলিত বৰ্ষৰ ২২ আগষ্টত চাংলাং জিলাৰ মিয়াও উচ্চ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা তথা অৰুণাচল প্ৰদেশত প্ৰথমাবাৰৰ বাবে হাতত লোৱা এই কাৰ্যসূচীয়ে ইতিমধ্যে মিয়াও মহকুমাৰ উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত মুঠ ১৭ খন বিদ্যালয়ক সামৰি লৈছে ।  
আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ এলেকাৰ শিক্ষাৰ্থীসকলক গিবন সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰা চেষ্টা কৰা হৈছে ।
এই কাৰ্যসূচীৰ অংশহিচাপে দৃশ্য্-শ্ৰব্য উপস্থাপনসহ বক্তৃতা দিয়াৰ লগতে তথ্যচিত্ৰ, ছবি প্ৰদৰ্শন, মত-বিনিময় আৰু কিতাপ, পোষ্টাৰ আৰু ষ্টিকাৰ বিতৰণ কৰা হয় ।  
এই বিদ্যালয় ভিত্তিক সজাগতা কাৰ্যসূচীৰ বাবে আৰণ্যকক কৃতজ্ঞতা জনাই নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক, আই এফ এছ, ভি কে জাৱালে এই কাৰ্যসূচীয়ে ৰাজ্যখনত গিবন সংৰক্ষণৰ বৃহত্তৰ উদ্দেশ্য পূৰণত অৰিহণা যোগাব বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে গিবন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী আৰু বিপন্নপ্ৰায় এই প্ৰজাতিটোৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাটো সকলো নাগৰিকৰে কৰ্তব্য । এই কাৰ্যসূচীয়ে পৰোক্ষ্যভাৱে ব্যাঘ্ৰ সংৰক্ষণতো সহায় কৰিব বুলিও জাৱালে কয় ।
আৰণ্যকৰ জ্যেষ্ঠ প্ৰাইমেট’ল’জিষ্ট তথা ইয়াৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী আৰু আই ইউ চি এন প্ৰাইমেট বিশেষজ্ঞ গোট (দক্ষিণ এছিয়া)ৰ উপাধ্যক্ষ ড: দিলীপ চেত্ৰীয়ে প্ৰকাশ কৰে যে পশ্চিমীয়া হলৌ গিবনেই হৈছে ভাৰতত পোৱা আৰু মানুহৰ সৈতে জিনীয়ভাৱে নিকটৱৰ্তী একমাত্ৰ বানৰ প্ৰজাতি । তেওঁ লগতে কয় যে ভাৰতৰ উত্তৰ পূৱৰ সাতখন ৰাজ্যত পোৱা এই বিপন্ন, বৃক্ষাশ্ৰয়ী, ফলভোজী বানৰ প্ৰজাতিটোৰ বিচৰণথলী ব্ৰহ্মপুত্ৰ-ডিবাং নদী প্ৰণালীৰ দক্ষিণ অঞ্চলতে সীমাবদ্ধ ।  
প্ৰায় ২২০০ বৰ্গ কিলোমিটাৰ ব্যাপি থকা নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল গিবনৰ মূল বিচৰণভূমি। ড: চেত্ৰীয়ে বিচৰণ ভূমি হ্ৰাস, খণ্ড-বিখণ্ড হোৱা আৰু চিকাৰে গিবনৰ প্ৰতি সৃষ্টি কৰা গুৰুতৰ ভাবুকিৰ ওপৰত আলোকপাত কৰে । এই কাৰ্যসূচীয়ে গিবন সংৰক্ষণৰ চেষ্টাক শক্তিশালী কৰাই নহয়, নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ সামগ্ৰিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণতো সহায় কৰিব বুলি ড: চেত্ৰীয়ে আশা প্ৰকাশ কৰে আৰু কয় যে ভৱিষ্যতে এই কাৰ্যসূচী চাংলাং জিলাৰ প্ৰায়বোৰ এলেকালৈ সমান্তৰালকৈ সম্প্ৰসাৰিত কৰা হ’ব ।