অগপৰ মুখ্য কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি; দলীয় কৰ্মীৰ মাজতে তীব্ৰ বাক-বিতণ্ডা

অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অগপৰ মুখ্য কাৰ্য্যালয়ৰ বাৰাণ্ডাত অনুষ্ঠিত হোৱা মহানগৰ সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰা দলীয় কৰ্মীসকলৰ মাজত দলৰ শেহতীয়া স্থিতি সম্বন্ধে আলোচনা কৰাৰ সময়ত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

দিনৰ ১২ বজাৰ পৰা জিতেন ডেকাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কিছু সংখ্যক দলীয় নেতাই কৰা অপমানসূচক মন্তব্য কোনোপধ্যেই মানি লোৱা নহ’ব বুলি একাংশ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, ক্ষুব্ধ কৰ্মী সকলে অগপৰ নেতৃত্বৰ পৰা অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক আটৰাবলৈ দাবী জনায়।

মহানগৰ জিলা সমিতিৰ সভাপতি জীতেন ডেকাই অগপৰ নেতৃত্বত থকা সকলোৰে পদত্যাগ দাবী কৰি কাৰ্য্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰে।

অগপৰ মুখ্য কাৰ্য্যালয়ৰ তলা বন্ধ কৰি ৰখাৰ বাবে বাৰাণ্ডাতে মহানগৰ জিলা সমিতিয়ে কাৰ্য্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰিবলৈ বাধ্য হয়।

আনহাতে, অগপৰ মহানগৰ জিলা সমিতিয়ে নাগৰিকত্ব (সংশোধনী)আইন কেতিয়াও মানি নলয় বুলিও স্পষ্ট কৰি দিয়ে।