গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই অসম নাগৰিক সমাজৰ জন গণ মন অভিযানৰ শুভাৰম্ভণি

অসমৰ মহান বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কালি গুৱাহাটী প্ৰেছ ক্লাবত ৰাতিপুৱা ১১ বজাত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত জন গণ মন অভিযানৰ শুভাৰম্ভণি কৰা হয়।

এই উপলক্ষে বিশিষ্ট বৈষ্ণৱ পণ্ডিত ড০ সূৰ্য্য দাসে শ্ৰীশংকৰদেৱৰ উদাৰ মানৱতাবাদী আদৰ্শৰ ওপৰত আলোকিপাত কৰি বক্তৃতা প্ৰদান কৰে। শংকৰদেৱে পঞ্চদশ শতিকাৰ অসমত জনজাতীয়, মুছলমান আৰু বহুধা বিভক্ত সমাজৰ অন্যান্য নিম্ন স্তৰৰ লোকসকলৰ বাবে কেনেকৈ হাত আগবঢ়াইছিল আৰু তেওঁলোকক সম মৰ্যাদা আৰু সন্মান প্ৰদান কৰি অসমীয়া সমাজৰ মূল ভাঁজলৈ লৈ আনিছিল, সেই বিষয়ে তেওঁ বিৱৰি কয়।

ড° দাসে গুৰুজনাই সমাজৰ নাৰীসকলক তেওঁলোকৰ ওপৰত জাপি দিয়া ব্ৰাহ্মণ্যবাদী বাধাৰ বিপৰীতে গৈ কেনেদৰে সবলীকৰণ কৰি তুলিছিল সেই বিষয়েও বৰ্ণনা কৰে। তেওঁ লগতে কয় যে আজিৰ বিভাজনমূলক পৰিৱেশত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আদৰ্শই আমাক হিন্দুত্ববাদী মতাদৰ্শবিদসকলে নেতৃত্ব দিয়া বিভাজনমূলক এজেণ্ডাৰ বিৰুদ্ধে যুঁজিবলৈ বহু পৰিমাণে অনুপ্ৰাণিত কৰিব পাৰে।

লগতে পঢ়কঃ বেদান্তাৰ খননৰ ফলত অসমৰ অন্তিমটো গিবনৰ আশ্ৰয়স্থলীলৈ ভাবুকি; সতৰ্ক কৰিছে বিশেষজ্ঞই

এই উপলক্ষে ভাষণ দি প্ৰাক্তন আমোলা তথা বিশিষ্ট কাৰ্বি নেতা মিষ্টাৰ জন ইংতি কাথাৰে শাসকীয় দলৰ সমৰ্থকসকলে কেনেকৈ এটা সম্প্ৰদায়ক আনটো সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনি দি কাৰ্বি আংলং আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ মাজত থকা বন্ধন দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে তাৰ ব্যাখ্যা দাঙি ধৰে।

আন এগৰাকী অতিথি বৰনগৰ  বি এড কলেজৰ অধ্যক্ষ ড০ গোলাম ছাৰৱাৰে  উচ্চ সাংবিধানিক কাৰ্যালয়ত বহি থকা একাংশ ব্যক্তিৰ পৃষ্ঠপোষকতাত অসমৰ মিঞা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা সাম্প্ৰদায়িক ঘৃণাক গৰিহণা দিয়ে। তেওঁৰ ভাষণৰ সামৰণিত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি সুন্দৰ বৰগীত পৰিবেশন কৰি দৰ্শকক মোহিত কৰে।

ইয়াৰ পূৰ্বে অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক তথা ভাৰত জোড়ো অভিযান, অসমৰ আহ্বায়ক পৰেশ মালাকাৰে অসমত জনগণ মনৰ পদক্ষেপ গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সভাত সভাপতিত্ব কৰে ৰাজ্যসভাৰ সদস্য তথা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই।

লগতে পঢ়কঃসীতাৰাম য়েচুৰীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি, ভৰ্তি কৰা হ’ল ভেন্টিলেচনত

অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে জনগণ মনৰ পদক্ষেপৰ অধীনত সমগ্ৰ ৰাজ্যৰ অন্যান্য সমভাৱাপন্ন নাগৰিক সমাজৰ সংগঠনৰ সহযোগত ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই অভিযানৰ অংশ হিচাপে অহা ২৬ নৱেম্বৰত সমগ্ৰ অসমতে সংবিধান দিৱস পালন কৰা হ’ব। ইয়াৰ পিছতে চুকাফা দিৱস, চিলাৰায় দিৱস, ভীমবৰ দেউৰী দিৱস আৰু চৈয়দ আব্দুল মালিকৰ জন্মদিন উদযাপন কৰা হ’ব। তাৰ পিছত ১০ ডিচেম্বৰক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হ’ব। ১৭ জানুৱাৰীত উদযাপন কৰা হ’ব শিল্পী দিৱস। ৰাজ্যখনে সন্মুখীন হোৱা ভয়াৱহ পৰিৱেশ অৱক্ষয়ৰ প্ৰতি লক্ষ্য ৰাখি ২ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় আৰ্দ্ৰ ভূমি দিৱস পালন কৰা হ’ব।

এই সময়ছোৱাত অসম নাগাৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে ৰাজ্যখনৰ অন্যান্য সমভাৱাপন্ন সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিজৰ প্ৰসাৰ বৃদ্ধিৰ চেষ্টা কৰিব যাতে ২০২৬ চনত বিজেপি চৰকাৰক শাসনৰ পৰা উচ্ছেদ কৰিব পৰা যায়।

লগতে পঢ়কঃ দহ হাজাৰ সন্তানৰ পিতৃ হেনৰী! বিশালাকায় শৰীৰ, বিশ্বৰ আটাইতকৈ পুৰণি কুম্ভীৰ

উল্লেখ্য যে ৰাজ্যৰ দুগৰাকী আগশাৰীৰ ৰাজহুৱা বুদ্ধিজীৱী তথা পণ্ডিত ড° হীৰেন গোহাঁই আৰু ড° নগেন শইকীয়াই অসমত জনগণ মন অভিযানৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকৰ বাৰ্তা পাঠ কৰে লেখক, সমালোচক অধ্যাপক ৰাজেন কলিতাই।