মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ আৰু বক্তব্যক ধিক্কাৰ অসম নাগৰিক সমাজৰ

এগৰাকী সাংবাদিকে কৰা এটা অতি সাধাৰণ আৰু প্ৰাসংগিক প্ৰশ্নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কালি সাংবাদিক গৰাকীক কৰা দুৰ্ব্যৱহাৰত আমি স্তম্ভিত হৈছোঁ। ৰাজ্যখনৰ সাংবিধানিক পদৰ মুৰব্বীজনৰ এইটো কেনে ব্যৱহাৰ? সাংবাদিকজনে মুখ্যমন্ত্ৰী মহোদয়ক কোনো লাগবান্ধ নোহোৱা প্ৰশ্ন সোধা নাছিল।

আমি সকলোৱে জানো যে গুৱাহাটীত হোৱা বানপানীৰ বাবে আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী শৰ্মাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ইউ এচ টি এমক জগৰীয়া কৰি আহিছে তাত পাহাৰ কাটি বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ কাৰণে। সেই প্ৰসংগতে মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত ঠিকাদাৰে পাহাৰ কাটি তহিলং কৰা প্ৰশ্নটো উত্থাপন কৰিছিল শ্বাহ আলম নামৰ সাংবাদিক এগৰাকীয়ে।

সাংবাদিকজন মুছলমান সম্প্ৰদায়ৰ হোৱা বাবেই তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি মুখ্যমন্ত্ৰীয়ে উপৰ্যুপৰি সাংবাদিক গৰাকীক তেওঁৰ সম্প্ৰদায়ৰ নাম লৈ ৰাজহুৱাকৈ তিৰস্কাৰ কৰিলে। খঙৰ ভমকত তেওঁ আনকি ইউ এচ টি এমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে অসমত যাতে চাকৰি নাপায় তাৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰিলে।

মুখ্যমন্ত্ৰীৰ এনে মন্তব্য আৰু আচৰণ অত্যন্ত আপত্তিজনক আৰু গৰিহণাৰ যোগ্য। এটা সাংবিধানিক পদত থকা ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীগৰাকীৰ এনেকুৱা সাম্প্ৰদায়িক আৰু বিদ্বেষপূৰ্ণ মন্তব্যক অসমৰ সকলো শুভবুদ্ধিসম্পন্ন লোকেই ধিক্কাৰ দিয়া উচিত। অসমৰ সাংবাদিক সমাজ, ৰাজনৈতিক দল আৰু সকলো ধৰণৰ নাগৰিক সমাজেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰা উচিত।