শুকুৰবাৰে পুৱা অযোধ্যাত এখন হোটেললৈ অহা এগৰাকী মহিলা অতিথিয়ে গা ধুই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগত এগৰাকী ২৫ বছৰীয়া হোটেল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হয়।
কৰ্মচাৰীগৰাকীৰ মোবাইল ফোনটো পৰীক্ষা কৰি আৰক্ষীয়ে একে গাই ধুই থকা অৱস্থাত আন বহু মহিলা অতিথিৰ কেইবাটাও আপত্তিজনক ভিডিঅ’ উদ্ধাৰ কৰে।
ৰাম মন্দিৰৰ ৩ নং গেটৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত অৱস্থিত ৰাজা গেষ্ট হাউচত সংঘটিত হয় এই জঘন্য ঘটনা।
জানিব পৰা মতে, নাৰীৰ স্নানৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী গৰাকীৰ নাম সৌৰভ তিৱাৰী।
শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত বাৰাণসীৰ এগৰাকী মহিলা ভক্তই গা ধুই থকা অৱস্থাত টিন চেডৰ চালৰ মাজেৰে ওপৰৰ পৰা কোনোবাই ভিডিঅ’ ৰেকৰিং কৰি থকা দেখা পায়। তাৰপিছত মহিলাগৰাকীয়ে আতংকিত হৈ সহায় বিচাৰি চিঞৰি বাথৰুমৰ পৰা লৰালৰিকৈ ওলাই আহে।
হোটেলখনত থকা আন পুৰুষ অতিথিসকলে মহিলাগৰাকীৰ চিঞৰি শুনি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক ধৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে তেওঁক ৰাম জন্মভূমি আৰক্ষীক গতাই দিয়া হয়।
আৰক্ষীয়ে অভিযুক্তৰ ফোনটো পৰীক্ষা কৰি একেধৰণৰ পৰিস্থিতিত থকা মহিলাৰ কেইবাটাও ভিডিঅ’ লাভ কৰে।
চক্ৰ বিষয়া (অযোধ্যা) আশুতোষ তিৱাৰীয়ে গ্ৰেপ্তাৰ অভিযুক্ত গ্ৰেপ্তাৰ কৰাতো নিশ্চিত কৰে। ইয়াৰ সমান্তৰালকৈ অযোধ্যা উন্নয়ন কৰ্তৃপক্ষই অবৈধ নিৰ্মাণৰ অভিযোগত অতিথিশালাটো ছীল কৰিছে।
অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদক সত্যেন্দ্ৰ সিঙে কয় যে, “ৰাজা অতিথিশালাটো কৰ্তৃপক্ষৰ কোনো অনুমোদন অবিহনে নিৰ্মাণ কৰা হৈছিল আৰু সেয়েহে ইয়াক ছীল কৰা হৈছে।একেটা প্ৰতিষ্ঠানতে এনেধৰণৰ আৰু অধিক ঘটনা সংঘটিত হৈছে নেকি আৰু ভিডিঅ’সমূহ আৰু শ্বেয়াৰ কৰা হৈছে নেকি, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।