আত্মগোপনকাৰী তবলিগী জামাতীৰ সন্ধান দিওঁতাসকলে লাভ কৰিব পাঁচ হাজাৰ আর্থিক পুৰস্কাৰ

Tablighi_Jamaat_PTI

তবলিগী জামাত, ফ'টো_PTI

দেশ কঁপাই যোৱাৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ কঁপনি এতিয়াও দেশত অনভূত হৈয়ে আছে।

দেশৰ ক’ৰ’না ভাইৰাছৰ অন্যতম হটস্পটৰূপে চিনাক্ত হোৱা নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত অংশগ্ৰহণকাৰী বহু জামাতী ক’ৰ’নাত আক্ৰান্ত হোৱা লগতে বহুকেইজনৰ ইতিমধ্যে মৃত্যুও ঘটিছে।

দেশৰ বিভিন্ন প্ৰান্তৰ জামাতীসকলে নিজামুদ্দিনৰ পৰা ওভতি যোৱাৰ পাছত পলায়ন তথা আত্মগোপন কৰি আছে।

আৰু কিছুসংখ্যকে স্বাস্থ্য পৰীক্ষা কৰোৱা নাই।

সেয়ে আৰক্ষীয়ে এইবাৰ আত্মগোপনকাৰী জামাতীসকলৰ সন্ধান উলিওৱাৰ লগতে স্বাস্থ্য পৰীক্ষা নকৰাসকলৰ বাবে অন্য কৌশল গ্ৰহণ কৰিছে।

আৰক্ষীয়ে ঘোষণা কৰিছে যে কোনো লোকে আত্মগোপনকাৰী জামাতীৰ সন্ধান দিলে তেওঁক পুৰস্কত কৰিব।

উত্তৰ প্ৰদেশৰ আজমগড় আৰক্ষীয়ে এই ঘোষণা কৰিছে। আজমগড় আৰক্ষীয়ে ঘোষণা কৰিছে আত্মগোপনকাৰী জামাতীসকলৰ সন্ধান দিওঁতাসকলক আৰক্ষীয়ে ৫ হাজাৰ টকা আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব।

আজমগড় আৰক্ষী অধীক্ষক ত্ৰিবেণী সিঙে কয় যে ‘দিল্লীৰ নিজামুদ্দিনৰ পৰা ওভতি অহা বহু জামাতীৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে বহুতৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।’

‘আমাৰ হাতত খবৰ আছে যে তবলিগীত উপস্থিত থকা বহু জামাতী আত্মগোপন কৰি আছে। তেওঁলোকে শৰীৰত ক’ৰ’নাৰ লক্ষণে দেখা দিছে কিন্তু এতিয়াও নিজৰ স্বাস্থ্যৰ পৰীক্ষা কৰা নাই। আমি প্ৰশাসনৰ তৰফৰৰ পৰা তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰিবলৈ পুনৰ আহ্বান জনাইছো।’ আৰক্ষী অধীক্ষক সিঙে লগতে কয়।