বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত মৃত হাতী পোৱালি উদ্ধাৰ

ফটো-নৰ্থ-ইষ্ট নাও

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলি সংৰক্ষিত বনাঞ্চলত মঙলবাৰে ৰাতিপুৱা এটি মৃত হাতী পোৱালি উদ্ধাৰ হয়।

মৃত হাতী পোৱালীটো উদ্ধাৰ হোৱাক লৈ ভাৰত-ভূটান সীমান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ যোগ্য যে, বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত বিগত সময়চোৱাত চলা বন ধ্বংস যজ্ঞৰ ফলত বনৰীয়া হাতীৰ লগতে অন্যান্য বন্য জীৱজন্তুৰ বাসস্থান সংকুচিত হৈ আহিছে ইয়াৰ ফলত তীব্ৰ খাদ্য সংকটত পৰা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি জনাঞ্চলত প্ৰৱেশ কৰে।

বনৰীয়া হাতী আৰু মানুহৰ মাজত এইদৰে সংঘাত চলি আহিছে। এই সংঘাতৰ ফলস্বৰূপে জিলাখনৰ অকল তামুলপুৰ মহকুমাতেই বিগত ১৫ বছৰত কেইবাগৰাকী শিশু সহ শতাধিক লোকে প্ৰাণ হেৰুৱাইছ।

আনহাতে, এই সময়ছোৱাতে পোৱালি হাতীসহ ১৫ টাকৈ অধিক বনৰীয়া হাতীয়েও প্ৰাণ হেৰুৱাইছে ।

খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে পোৱালি সহ পাহাৰৰ নামি  দীৰ্ঘদিনে অৱস্থান কৰি আছে কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ  বগাজুলি বনাঞ্চলত।

বগাজুলি সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ থাকি সন্ধিয়া হলেই ১২৭ নং (ডি) তামুলপুৰ-ভূটান পথ অতিক্ৰম কৰি শশীপুৰ, খৈৰাণী, বিনোৱাপুৰ, পাহাৰপুৰ, মেনকা চাহ বাগিচা, এন কে আঙ্গাৰকাটাকে ধৰি বিভিন্ন গাঁৱত প্ৰৱেশ কৰি কৃষক ৰাইজে কপালৰ  ঘাঁম মাাটিত পেলাই কৰা ধান খেতি খাই-গছকি তহিলং কৰাৰ উপৰিও ঘৰ-দুৱাৰ, মূল্যবান গছ-গছনি আদি ভাঙি উপদ্ৰৱ চলাই আহিছে।

বৃহৎ বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱত মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ। হাতীৰ উপদ্ৰৱৰ বাবে নিশ্চিত দুৰ্ভিক্ষৰ কৱলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে ভাৰত-ভূটান সীমান্তৱৰ্তী  কৃষিজীৱী অঞ্চলটো।

ইপিনে হাতীৰ জাকটোৰ  লগত থকা এটি মাইকী বনৰীয়া হাতী ভৰিত আঘাতপ্ৰাপ্ত হোৱাত  বগাজুলি বনাঞ্চলতেই বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰা বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

মাইকী হাতীজনীয়ে কিবা কাৰণত ভৰিত আঘাত পোৱা বুলি প্ৰকাশ কৰে আৰু বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসা চলোৱা বুলি সদৰী কৰে।

মঙলবাৰে ৰাতিপুৱা  উদ্ধাৰ হোৱা মৃত হাতী পোৱালীটো এই মাইকী হাতীটোৱে প্ৰসৱ কৰা বুলি সদৰী কৰে।

মৃত হাতী পোৱালীটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে কুমাৰীকাটা আঞ্চলিক বন বিষয়ৰ কাৰ্যালয়ত খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোকে বগাজুলি সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ মৃত হাতী পোৱালীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ধৰ্মীয় নীতিৰে সমাধিষ্ঠ কৰে।