কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত সদ্যজাত গঁড় পোৱালী উদ্ধাৰ

উদ্ধাৰ হোৱা গঁড়ৰ পোৱালীটো, ফটো-নৰ্থ-ইষ্ট নাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ তেতেলিগুৰি বনশিৱিৰ এলেকাত আজি ৰাতিপুৱা কৰ্মৰত বনকৰ্মীয়ে এটা সদ্যজাত গঁড়পোৱালী উদ্ধাৰ কৰে ৷

মাতৃৰ পৰা বিচ্চেদিত গঁড় পোৱালীটোক ঘাঁহনিৰ মাজত অকলে ঘুৰি ফুৰা প্ৰত্যক্ষ কৰে বনকৰ্মীসকলে ৷ বহু সময় নিৰীক্ষণ কৰাৰ পাচত গঁড় পোৱালীটোৰ মাকক প্ৰত্যক্ষ কৰিব নোৱাৰি বনকৰ্মীসকলে উৰ্ধতন কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।

কাজিৰঙাৰ কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক গঁড়ৰ পোৱালীটো উদ্ধাৰৰ বাবে জনোৱাত কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয়ে উদ্ধাৰকাৰী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ সদ্যজাত গড়ঁ পোৱালীটো উদ্ধাৰ কৰি কেন্দ্ৰলৈ আনে ৷

গঁড় পোৱালীটো মানসিক হেঁচাত আছে যদিও গঁড় পোৱালীটো শৰীৰত কোনো আঘাতৰ চিন পোৱা নাই বুলি জনাইছে পশু চিকিৎসকে ৷

সম্প্ৰতি কেন্দ্ৰৰ পশু চিকিৎসকৰ নিৰীক্ষণ ৰখা হৈছে দুদিনীয়া মতা গঁড় পোৱালীটোক ৷

ইফালে, তেতেলিগুৰি বনশিৱিৰৰ বনকৰ্মীয়ে মাকজনীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ মাকজনীক তিনিদিনৰ ভিতৰত প্ৰত্যক্ষ কৰিব পাৰিলে পোৱালীটোক পুনৰ মাকৰ লগত এৰি দিয়া হ’ব বুলি জনাইছে কেন্দ্ৰৰ পশু চিকিৎসকে ৷

উল্লেখযোগ্য যে, শেহতীয়া বানত বিগত ১৬ জুলাইত  ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলি বনাঞ্চলৰ সমীপৰ শুকানি গাঁৱৰ পৰা উদ্ধাৰ কৰি অনা প্ৰায় এমহীয়া মাতৃহাৰা গঁড় পোৱালীটোক ধৰি সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত দুটা গঁড় পোৱালী আছে ৷