বুলেট প্ৰেমী সকললৈ দুঃসংবাদ; বন্ধ হৈ পৰিব Royal Enfield ৰ এই তিনিটা মডেল

bullet

বুলেট, উৎস-ইণ্টাৰনেট

ভাৰতত জনপ্ৰিয় দুচকীয়া বাহন ৰয়েল এনফিল্ড ভালপোৱা গ্ৰাহকৰ সংখ্যা কম নহয় কিন্তু চলিত বৰ্ষত ৰয়েল এনফিল্ড প্ৰেমী সকলে এটা দুঃসংবাদ লাভ কৰিব পাৰে।

ৰয়েল এনফিল্ডে নিজৰ ৫০০ চিচিৰ Thunderbird 500, Bullet 500 আৰু Classic 500 ৰ বুকিং বন্ধ কৰি দিছে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি প্ৰতিষ্ঠানটোৱে পূৰ্বৰে পৰা এই তিনিখন বাহনৰ উৎপাদন বন্ধ কৰি থৈছে। চলিত বৰ্ষত ৰয়েল এনফিল্ডে নিজৰ ৱেবচাইটৰ পৰাও উক্ত বাহন তিনিখনৰ বুকিঙৰ সুবিধা আতৰাই দিয়ে।

গুদামত উপলব্ধ থকালৈ ক্লাছিক ৫০০ ৰ বুকিং চলি থাকিব। সেয়েহে আপুনি যদিহে ক্লাছিক ৫০০ বুকিং কৰিম বুলি মনতে ভাবি আছে পলম নকৰি এতিয়াই বুকিং কৰক।

উল্লেখযোগ্য যে, বাহন সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত ৰয়েল এনফিল্ডৰ তৰফৰ পৰা এই সম্পৰ্কে কোনোধৰণৰ জাননী প্ৰকাশ কৰা হোৱা নাই যদিও বিগত বৰ্ষত প্ৰতিষ্ঠানটোৰ ৫০০ চিচিৰ বাহনৰ বিক্ৰী বহু হ্ৰাস হোৱাৰ বিপৰীতে ৩৫০ চিচিৰ বাহনৰ বিক্ৰী বৃদ্ধি হৈছে।

ৰয়েল এনফিল্ডে ৫০০ চিচিৰ বাহন বন্ধ কৰি ৩৫০ চিচিৰ নতুন বাহন বজাৰলৈ উলিয়াই দিয়াৰো সম্ভাৱনা আছে অনাগত দিনত।