ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতি নামানে ইছলামে ; ক’লে আজমলে

‘যিমান পাৰা সন্তান জন্ম দিয়া। ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতি ইছলামে নামানে।’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে এ আই ইউ ডি এফৰ সভপাতি বদৰুদ্দিন আজমলে।

কেৱল দুটা সন্তানৰ ধাৰণা থাকিলে আমি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা নাপালোহেতেন বুলিও বদৰুদ্দিনে উল্লেখ কৰে।

এ আই ইউ ডি এফৰ সভাপতি গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নিজেই পাঁচ নম্বৰ বা ছয় নম্বৰৰ সন্তান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 8 নম্বৰৰ সন্তান, হিমন্ত বিশ্ব শৰ্মাও চাৰি বা পাঁচ নম্বৰৰ সন্তান। যদি তেওঁলোকৰ পিতৃ-মাতৃয়ে দুটাকেহে সন্তান জন্ম দিলেহেতেন তেন্তে আজি অসমে মুখ্য মন্ত্ৰী সোণোৱালক, দেশে প্ৰধান মন্ত্ৰী মোদীক নাপালেহেঁতেন।

তাৰোপৰি আজমলে চৰকাৰী চাকৰি নাপালে মুছলমানৰ একো ক্ষতি নহয় বুলিও মন্তব্য কৰে। তেওঁ মুছলমানসকলক পঢ়ি-শুনি ব্যৱসায় কৰি ডাঙৰ ডাঙৰ কোম্পানী খুলিবলৈ আহ্বান জনা। লগতে সেই কোম্পানীত হিন্দু যুৱকক নিযুক্তি দিয়াৰ বাবেও আহ্বান জনায় বদৰুদ্দিনে।

‘এফালে মোহন ভাগৱতে সভাত দহটাকৈ সন্তান জন্ম দিয়াৰ কথা কয় আনফালে তেওঁলোকৰ চৰকাৰে দুটা সন্তান জন্ম দিয়াৰ কথা কয়। প্ৰথমে নিজৰ মাজত কথাবোৰ ঠিক কৰি লওক’ বুলিও এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে কটাক্ষ কৰে।

উল্লেখযোগ্য যে ২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ দিয়া নহ’ব বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই নীতি ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল।