NORTHEAST NOW (Assamese)

বিশ্বৰ চলচ্চিত্ৰ জগতলৈ প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ বাফটা বঁটা, উজলি উঠিল ‘নমাডলেণ্ড’

April 12, 2021 6:39 pm · এন ই নাও নিউজ
Updated: April 12, 2021 8:10 pm

বিশ্বৰ চিনেমাজগতৰ এক গুৰুত্বপূৰ্ণ বঁটা ‘ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ’, চমুকৈ বাফটা এৱাৰ্ড ঘোষণা কৰা হৈছে।

ক’ভিড-১৯ পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সযোগে দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে এই বৰ্ষৰ বাফটা এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ‘দ্যা হোৱাইট টাইগাৰ’ নামৰ নেটফ্লিক্স চিনেমাখনৰ বাবে ভাৰতৰ অভিনেতা আদৰ্শ গৌৰৱ মনোনিত হৈছিল যদিও তেওঁ ‘দ্যা ফাদাৰ’ চিনেমাখনত অভিনয় কৰা ছাৰ এণ্ঠনী হপকিন্সৰ হাতত পৰাজীত হয়।

(ছাৰ এণ্ঠনী হপকিনছ)

এৱাৰ্ডটোৰ বিভিন্ন শিতানত উজ্বলি উঠে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেমা- ‘নমাডলেণ্ড’।

(নমাডলেণ্ডৰ এখন পোষ্টাৰ)

চিনেমাখনে  শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ বঁটা লাভ কৰে।

বাফটা এৱাৰ্ডবিজয়ীসকলৰ এখন বিশেষ তালিকা-

  • শ্ৰেষ্ঠ চিনেমা- নমাডলেণ্ড
  • সৰ্বোৎকৃষ্ট ব্ৰিটিছ চিনেমা- প্ৰমিজিং ইয়ং ৱ’মেন
  • শ্ৰেষ্ঠ ডকুমেণ্টেৰী- মাই অক্টোপাছ টিছাৰ
(মাই অক্টোপাছ টিছাৰৰ এখন পোষ্টাৰ)
  • শ্ৰেষ্ঠ এনিমেচন চিনেমা- ছ’ল (Soul)
  • শ্ৰেষ্ঠ পৰিচালক- ক্ল’ ঝাও (নমাডলেণ্ড)
(ক্ল’ ঝাও)
  • শ্ৰেষ্ঠ অভিনেত্ৰী- ফ্ৰান্সিছ মেকডৰমাণ্ড (নমাডলেণ্ড)
(ফ্ৰান্সিছ মেকডৰমাণ্ড)
  • শ্ৰেষ্ঠ অভিনেতা- এণ্ঠনী হপকিনছ (দ্যা ফাদাৰ)
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী- য়ুহ-জুং য়’ন (মিনাৰি)
  • শ্ৰেষ্ঠ সহঃ অভিনেতা- ডেনিয়েল কালুয়া (জুডাচ এণ্ড দ্যা ব্লেক মেচ্চিয়াহ)
  • শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী- নমাডলেণ্ড
  • শ্ৰেষ্ঠ এডিটিং- চাউণ্ড অৱ মেটেল
  • শ্ৰেষ্ঠ কষ্টিউম ডিজাইন- মা ৰেইনী’জ ব্লেক বট্টম

উল্লেখযোগ্য যে বাফটা এৱাৰ্ড প্ৰদান অনুষ্ঠানটোত স্বামী নিক জ’নাছৰ স’তে ভাৰতৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাও উপস্থিত থাকে।

Related News