উদুলিমুদুলি গোৱালপাৰা সৈনিক স্কুলৰ চৌহদঃ বালমন্দিৰ পাব্লিক স্কুলৰ সোণালী জয়ন্তী

গোৱালপাৰা জিলাৰ মৰনৈস্থ সৈনিক স্কুলৰ চৌহদত থকা বাল মন্দিৰ প্লাবিক স্কুলৰ কাইলৈ সোণালী জয়ন্তী ৷

কাইলৈ ২৬ ডিচেম্বৰত এদিনীয়া কাৰ্যক্ৰমণিকাৰে বাল মন্দিৰ প্লাবিক স্কুলে উদযাপন কৰিব সোণালী জয়ন্তী ৷

উল্লেখ্য যে সৈনিক স্কুলৰ শিক্ষক-শিক্ষযিত্ৰী তথা কৰ্মচাৰী সকলোৰ ল’ৰা-ছোৱালীৰ অধ্যয়নৰ বাবে ১৯৭১ চনত সৈনিক স্কুলৰ চৌহদত স্থাপন কৰা হৈছিল এই বাল মন্দিৰ প্লাবিক স্কুল খন ৷

অৱশ্যে পৰৰ্ৱতী সময়ত মেধা সম্পন্ন বাহিৰৰ ছাত্ৰ-ছাত্ৰীও অধ্যয়নৰ সুবিধা লাভ কৰে এই শিক্ষানুষ্ঠানখনত ৷

অকল পাঠ্যপুথি ভিত্তিক শিক্ষাতে সীমাবদ্ধ নথকা বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী সকলৰ খেলা-ধূলা, নাট-অভিনয়,সংগীত আদি প্ৰতিভা বিকাশতো গুৰত্ব  আৰোপ কৰা হয় ৷

ইতিমধ্যে এই বালমন্দিৰত অধ্যয়ন কৰা বহু শিক্ষাৰ্থীয়ে দেশৰ নাম বিশ্ব দৰবাৰত উজলাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে ৷

তেওঁ কয়,আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা গোৱালপাৰাৰ সুসন্তান আদিল হুছেইনো এই খন বিদ্যালয়তে অধ্যয়ন কৰিছিল৷

অকল আদিল হুছেইনেই নহয় , এই বিদ্যালয়ত অধ্যয়ন কৰা বহু শিক্ষাৰ্থীয়ে পৰৱৰ্তী সময়ত দেশৰ সুযোগ্য সন্তান হিচাপে প্ৰতিষ্ঠা লাভ৷ কৰিছে ৷

এই বাল মন্দিৰৰে কাইলৈ সোণালী জয়ন্তী ৷ 

কাইলৈ অনুস্থিত হবলগীয়া সোণোৱালী জয়ন্তীত  বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে বহুত আকৰ্ষণীয় কাৰ্যসূচীও থাকিব ৷ বিদ্যালয় খনৰ বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী দেওবাৰৰ দিনটো উপস্থিত হ’ব সৈনিক স্কুলৰ চৌহদত ৷

ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে বাল মন্দিৰ প্লাবিক স্কুল কৰ্তৃপক্ষই ৷

সোণালী জয়ন্তীৰ সকলো কৰ্যসূচী সফল কৰাৰ বাবে সৈনিক স্কুলৰ অধ্যক্ষৰ লগতে বাল মন্দিৰ প্লাবিক স্কুলৰ অধ্যক্ষা উৰ্মিমালা দাসে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ সকলো কাৰ্যক্ৰমণিকাতে অংশ গ্ৰহণ কৰিছে গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ সকলে ৷