সাম্প্ৰতিক সময়ত দেশত এনে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে যিবিলাকত ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰি নিয়মীয়া পাঠদানক উপেক্ষা কৰি কেৱল NEET আৰু JEEৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিঙত গুৰুত্ব আৰোপ কৰা হয়। শেহতীয়া কৈ এনে বিদ্যালয় সমূহক কঠোৰ সমালোচনা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ। এই কথিত ‘স্কুল’সমূহে উপস্থিতিৰ ৰেকৰ্ডত ভুৱা তথ্য দাখিল কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে কেৱল প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেই সময় ব্যয় কৰে, আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যালয় শিক্ষা সম্পূৰ্ণৰূপে অৱহেলিত হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বাবে ই এক ভয়াৱহ অপমান বুলি অভিহিত কৰি ন্যায়াধীশ অনুপ কুমাৰ ধনে কয় যে ইয়াৰ ফলত শিক্ষা বিদ্যালয় আৰু প্ৰশিক্ষক কেন্দ্ৰৰ বাবে কেৱল ধন ঘটাৰ খেললৈ পৰ্যবসিত হৈছে। আদালতে ৰাজ্য চৰকাৰ আৰু সকলো শিক্ষা ব’ৰ্ডক এছ আই টি গঠন কৰি বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আকস্মিক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। যদি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপস্থিত থাকে বা শ্ৰেণীৰ সময়ত ক’চিং চেণ্টাৰত উপস্থিত থাকে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।
আদালতে চিবিএছই আৰু ৰাজস্থান ব’ৰ্ডৰ দৰে ব’ৰ্ডক নিয়মীয়াকৈ আকস্মিক পৰিদৰ্শন কৰাৰ লগতে কম ছাত্ৰ-ছাত্ৰী বা শিক্ষকৰ উপস্থিতি থকা বিদ্যালয়সমূহক শাস্তি প্ৰদান কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে, আনকি ব’ৰ্ডৰ সৈতে তেওঁলোকৰ সংযোগ বাতিল কৰিবলৈও নিৰ্দেশ দিছে। উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭৫% শ্ৰেণী উপস্থিতি বাধ্যতামূলক কৰা নতুন নিয়মৰ ওপৰতো আদালতে গুৰুত্ব আৰোপ কৰি অভিভাৱকসকলক এই সন্দৰ্ভত সকীয়াই দিয়ে।
উল্লেখ্য যে ৰাজস্থানৰ দুখন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ ভুৱা ৰেকৰ্ড জমা দিয়াৰ বাবে এবছৰ ধৰি ব’ৰ্ডৰ স্বীকৃতি হেৰুৱাইছিল, এই সমগ্ৰ বিষয়টো পোহৰলৈ আহৰ পিছতে এক গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশে বিষয়টো পুনৰ চিবিএছইলৈ প্ৰেৰণ কৰে যাতে এই বিদ্যালয়সমূহৰ শাস্তিৰ বিষয়ে ন্যায্যভাৱে পুনৰ বিবেচনা কৰে।
এতিয়া এই সিদ্ধান্তই এটা গভীৰ সমস্যাক উজ্জ্বল কৰি তুলিছে। অভিভাৱকসকলে নিজৰ সন্তানক চিকিৎসক বা অভিযন্তা হ’বলৈ অত্যধিক হেঁচা প্ৰয়োগ কৰে, পাহৰি যায় যে এই আসনবোৰ সকলোৱে পাব নোৱাৰে। ইয়াৰ ফলত শিশুসকল গভীৰভাৱে আঘাতপ্ৰাপ্ত হয়, আৰু পৰীক্ষাত ব্যৰ্থ হ’লে তেওঁলোক এটা সময় ৰৈ যাব লগীয়া হয়, যাৰ ফলত তেওঁলোকে স্কুলীয়া শিক্ষাৰ বাবে কোনো ধৰণৰ সহায় নাপায়। আদালতে দূৰদৰ্শিতাৰে স্কুল কাউন্সেলিং চেণ্টাৰসমূহক, পৰিয়ালসমূহক কেৰিয়াৰ বিকল্পৰ পথ প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে আৰু শিশুসকলক নিজৰ পথ বাছি ল’বলৈ অনুমতি দিবলৈ পৰামৰ্শ কৰিছে।