পথচাৰীৰ মাজত হাহাকাৰঃ পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ সাঁকো পুৱতি নিশা জ্বলাই দিলে দুৰ্বৃত্তই

IMG_20210225_133421

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ডৰ পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ সাঁকো খন পুৱতি নিশা প্ৰায় ৩ বজাত কোনোবা দুৰ্বৃত্তই  জ্বলাই দি পলায়ন কৰে ।

কেইমাহ মান পূৰ্বৰে পৰাই

ঠাইখনত এখন পকী দলং নিৰ্মীয়মান অৱস্থাতে থকাত বাহঁৰ সাকোঁ খনেৰেই ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে যাতায়াত কৰি আহিছিল।

ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ যাতায়তৰ বাবে এখন বাহৰ সাঁকো নিৰ্মাণ কৰি দিছিল কোম্পানীয়ে দলং নিৰ্মাণকাৰী সংস্থাটোৱে ।

কিন্তু নিশা কোনো দুৰ্বৃত্তই কেৰাচিন তেল ঢালি সাঁকো খন জ্বলাই দিয়ে। সেইবাবে পুৱাতেই লাগিল ৰাইজৰ মাজত হাহাকাৰ। স্তব্ধ হৈ পৰিল ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীৰ জীৱন-যাত্ৰা।

ঘটনাস্হলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

ঘটনাটোৱে অঞ্চলব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কোনে কি উদ্দেশ্যলৈ বাঁহৰ সাঁকো খন জ্বলাই দিলে সেই কথা ৰাইজ অথবা আৰক্ষীয়েও অনুমান কৰিব পৰা নাই।