নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে আহ্বান জনোৱা নাগালেণ্ড বন্ধ শান্তিপূৰ্ণভাৱে সামৰণি

Dimapur-bandh

নাগালেণ্ড বন্ধ

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰুদ্ধে নাগা ছাত্ৰ ফেডাৰেশ্যনে শনিবাৰে আহ্বান জনোৱা ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধ শান্তিপূৰ্ণভাৱে সামৰণি পৰে।

বন্ধৰ সময়ত ৰাজ্যখনৰ সকলো চৰকাৰী-ব্যক্তিগত কাৰ্য্যালয়ৰ লগতে বিদ্যালয় সমূহ বন্ধ থাকে।

বন্ধৰ সময়ত ৰাজপথত যান-বাহনৰ চলাচলো সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।

আনহাতে, বন্ধৰ সময়ত ৰাজ্যখনৰ কোনোপ্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ কৰা হোৱা নায়।

নাগা ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি আৰু সম্পাদকদ্বয়ে জনোৱা অনুসৰি শুকুৰবাৰে সংগঠনটোৰ কাৰ্য্যবাহী বৈঠকত বন্ধৰ সিন্ধান্ত গ্ৰহণ কৰা হয় আৰু ৰাইজে ইয়ালৈ সমৰ্থন আগবঢ়ায়।

নাগালেণ্ডৰ ছাত্ৰ সংগঠনটোৱে তেওঁলোকৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকলে বিধেয়কখনৰ সপক্ষে ভোটদান কৰাত অসন্তুষ্টি ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছৰে অসমকে ধৰি উত্তৰ-পূবত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।