তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক “ভাৰত ত্যাগ”ৰ নিৰ্দেশ

Ferdous-Ahmed-750x375

বিতাড়িত অভিনেতাজন।

ভাৰতৰ ছবিজগতত কাম কৰি থকা বাংলাদেশৰ অভিনেতা ফাৰদৌছ আহমেদক আজি ভাৰতৰ কৰ্তৃপক্ষই “ভাৰত ত্যাগ”ৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ বিজনেছ ভিজা বাতিল কৰিছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ অলপতে আহমেদে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ভাৰত আৰু বাংলাদেশৰ বাংলা ছবিৰ অভিনেতা ফাৰদৌছক ব্লেকলিষ্টেডো কৰা হয়, যাৰ পৰিণাম স্বৰূপে তেওঁ খুব সোনকালে ভাৰতৰ বাবে ভিজা পোৱাত বাধা আহিব পাৰে।

ভাৰতৰ গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ পূৰ্বে কলকাতাস্থিত ফৰেইনাৰছ ৰিজিঅ’নেল অফিচাৰৰ (FRRO) পৰা ফাৰদৌছৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছিল।

অভিযোগমতে, ফাৰদৌছ আহমেদে পশ্চিম বংগৰ কেইজনমান স্থানীয় অভিনেতাৰ লগত ৰাজগঞ্জৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কানহায়ালাল আগৰৱালৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছিল।

কলকাতাৰ ফৰেইনাৰছ ৰিজিঅ’নেল অফিচাৰক আহমেদে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ জৰিয়তে ভিজাৰ নিয়ম উলংঘা কৰিছে নেকি সেইটো সন্দৰ্ভত সবিস্তাৰ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ সঁহাৰিত আহমেদে বিজনেছ ভিজাৰ নিয়মবোৰ স্পষ্ট উলংঘা কৰা বুলি প্ৰতিবেদন দিয়া হয়।

বিজেপিয়ে ফাৰদৌছ আহমেদে তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাটো সহজভাৱে লোৱা নাছিল।

বিষয়টোত পশ্চিম বংগৰ বিজেপি মুৰব্বী দিলীপ ঘোষে তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, “আপোনালোকে অতি সোনকালেই পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ হৈ প্ৰচাৰ চলোৱা দেখিব।”

কিন্তু বিজেপিয়ে কিবা আনুষ্ঠানিক আপত্তি দৰ্শাব নে বা চৰকাৰে নিজাববীয়া প্ৰতিক্ৰিয়া আৰু নিজাববীয়া গোচৰ (suo motto) তৰিব, সেইটো স্পষ্ট হোৱা নাই।

তৃণমূল কংগ্ৰেছ বা ভাৰতত থকা বাংলাদেশ উচ্চায়ুক্তই এতিয়ালৈকে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কিন্তু তৃণমূলৰ হৈ ফাৰদৌছৰ প্ৰচাৰ বাংলাদেশৰ শাসক দল আৱামী লীগে সাধাৰণভাৱে ল’ব বুলি আশা কৰিব নোৱাৰি। কাৰণ তিস্তাৰ পানী ভাগ-বাটোৱাৰাৰ সমাধানৰ বাবে মোদী চৰকাৰে কৰা চেষ্টাত মমতা বেনাৰ্জীকে ই প্ৰধান বাধাৰূপে চিহ্নিত কৰিছে।

তৃণমূল নেতা আৰু বাংলাদেশৰ ইছলামী দলসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা বুলি আৱামী লীগে প্ৰায়েই অভিযোগ উত্থাপন কৰি আহিছে।

এগৰাকী বাংলাদেশী কূটনীতিকে নৰ্থ-ইষ্ট নাও-ক কয়, “ফাৰদৌছৰ পশ্চিম বংগৰ ৰাজনীতিত যুক্ত হোৱাৰ কোনো সকাম নাই।”

“তেওঁ কৰা কামৰ পৰিণাম কি হ’ব উপলব্ধি কৰিব নোৱৰা মানে তেওঁ মূৰ্খ,” নাম প্ৰকাশ কৰিব নুখুজি তেওঁ কয়।

উল্লেখ কৰিব পাৰি যে পশ্চিম বংগৰ চিনেমা উদ্যোগত বহু বাংলাদেশী অভিনেতাই সফলতা আৰ্জিছে।

আনকি ষ্টাৰ আনন্দৰ চেৰা বেংগলী এৱৰ্ডৰ দৰে বঁটা পাবলৈ সক্ষম হোৱা ‘বিসৰ্জন’ৰ দৰে বহুকেইখন জনপ্ৰিয় চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জয়া এহচানে।

“ফাৰদৌছৰ মূৰ্খামিয়ে আনৰো সমস্যা নকৰাটোৱে আমি আশা কৰিছো,” বাংলাদেশৰ কূটনীতিকজনে কয়।