বাংলাদেশে এতিয়াৰ পৰা ভাৰতৰ বন্দৰ বা বিমানবন্দৰ ব্যৱহাৰ কৰি অন্য দেশলৈ সামগ্ৰী ৰপ্তানি কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি মঙলবাৰে এক অধিসূচনা জাৰি কৰিছে। কেন্দ্ৰীয় পৰোক্ষ কৰ ব’ৰ্ডৰ এই অধিসূচনাত বাংলাদেশক দিয়া এই সুবিধা তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।এতিয়াৰ পৰা বাংলাদেশে ভাৰতীয় ভূখণ্ডৰ কোনো শুল্ক কাৰ্যালয়ৰ সহায়ত তৃতীয় দেশলৈ ৰপ্তানি কৰিব নোৱাৰিব।
প্ৰকাশিত তথ্য অনুসৰি ভাৰতীয় ৰপ্তানি কৰা সকলে বিশেষকৈ বস্ত্ৰ খণ্ডৰ কোম্পানীসমূহে কেন্দ্ৰক এই সুবিধা বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। ২০২০ চনৰ জুনৰ পৰা ভাৰতে বাংলাদেশক এই সুবিধা দি আহিছিল, যাৰ জৰিয়তে বাংলাদেশে ভূটান, নেপাল আৰু ম্যানমাৰলৈ সামগ্ৰী ৰপ্তানি কৰিছিল। নতুন কৈ জাৰি কৰা অধিসূচনা আনুসৰি পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে। আৱশ্যে ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰা সামগ্ৰী পুৰণি নিয়ম অনুসৰি ওলাই যাবলৈ দিয়া হ’ব।
উল্লেখ্য যে আমেৰিকাৰ শুল্ক নীতিৰ অস্থিৰতাৰ মাজত এই সিদ্ধান্ত লোৱা হৈছে। যিহেতু বাংলাদেশ বস্ত্ৰ ৰপ্তানিত ভাৰতৰ প্ৰধান প্ৰতিদ্বন্দ্বী। এই পদক্ষেপে বস্ত্ৰ, জোতা, গহনা আৰু বহুমূলীয়া শিলৰ ৰপ্তানিত ভাৰতীয় কোম্পানীসমূহক লাভান্বিত কৰিব। ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনৰ সঞ্চালক প্ৰধানে কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় ৰপ্তানিৰ বাবে বিমানত অধিক স্থান মুকলি হ’ব। পূৰ্বতে ৰপ্তানি কৰা সকলে বাংলাদেশী সামগ্ৰীৰ বাবে স্থানৰ অভাৱৰ অভিযোগ কৰিছিল। এপাৰেল এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ সভাপতি সুধীৰ ছেখৰীয়ে জনায় যে প্ৰতিদিনে ২০-৩০টখন বাংলাদেশী সামগ্ৰীৰ ট্ৰাক দিল্লীত উপস্থিত হৈছিল, যাৰ ফলত প্ৰক্ৰিয়া লেহেমীয়া হৈছিল আৰু বিমান ভাড়া বৃদ্ধি পাইছিল।