ঢাকাৰ হোলি আৰ্টিছেন কেফেত আক্ৰমণৰ ঘটনাত ৭জন ইছলামিক সন্ত্ৰাসবাদীক মৃত্যুদণ্ড

আদালত ত্যাগ কৰাৰ সময়ত “আল্লাহু আকবৰ” ধ্বনি মৃত্যুদণ্ডেৰে দণ্ডিত ইছলামিক সন্ত্ৰাসবাদীৰ

gulshan-attack-suspect

মৃত্যুদণ্ডেৰে দণ্ডিত ইছলামিক সন্ত্ৰাসবাদীকেইজন। ফটোৰ উৎস : বিডি নিউজ।

তিনি বছৰ পূৰ্বে ঢাকাৰ হোলি আৰ্টিছেন কেফেত আক্ৰমণ কৰি ২২জনকৈ লোকক হত্যা কৰা ঘটনাটোৰ সৈতে জড়িত ৭জন অভিযুক্তক আজি বাংলাদেশৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰে।

মৃত্যুদণ্ড পোৱা সন্ত্ৰাসবাদীকেইজন হ’ল ৰকিবুল ইছলাম ৰিগান ওৰফে ৰফিউল ইছলাম, ৰাজীৱ গান্ধী ওৰফে জাহাংগীৰ আলম, মহম্মদ আচলাম হোছেন ওৰফে ৰছিদুল হোছেন ওৰফে ৰাচ, আবদুচ চবুৰ খান ওৰফে ছোহেল মাহফুজ, মহম্মদ হাছিদুৰ ৰহমান সাগৰ ওৰফে সাগৰ, মামুনুৰ ৰচিদ ৰিপন আৰু ছৰিফুৰ ইছলাম খালেদ।

আন এজন অভিযুক্ত মিজানুৰ ৰহমান ওৰফে বড় মিজানক আদালতে প্ৰমাণৰ অভাৱত খালাচ দিয়ে।

২০১৬ চনৰ ১ জুলাইৰ সন্ধিয়া হোৱা এই আক্ৰমণটোৰ বিশ্বত্ৰাস ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে দায়িত্ব স্বীকাৰ কৰিছিল। অৱশ্যে বাংলাদেশ চৰকাৰে ইয়াক স্থানীয় সন্ত্ৰাসবাদীৰ কাম বুলিহে দাবী কৰিব খোজে।

এইটো আছিল বাংলাদেশত হোৱা অন্যতম বৃহত্তম ইছলামিক সন্ত্ৰাসৰ ঘটনা। ৫জন বন্দুকধাৰীয়ে কেফেত প্ৰৱেশ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল তাত খোৱা-বোৱা কৰি থকা ২০জন লোক আৰু দুজন আৰক্ষী বিষয়া নিহত হৈছিল। বিদেশী লোককেইজনৰ ভিতৰত ইটালিয়ান ৯জন, জাপানী ৭জন, এজনকৈ আমেৰিকা আৰু ভাৰতৰ নাগৰিক আছিল। দুজন ৰন্ধনকৰ্মীও আছিল। আৰক্ষী বিষয়াকেইজন গ্ৰেনেড আক্ৰমণত নিহয় হয়।

আনহাতে আৰক্ষীৰ গুলীত আটাইকেইজন আক্ৰমণকাৰীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। ঘটনাটোৰ পিছত বাংলাদেশে চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লয়।

বাংলাদেশৰ চৰকাৰে এই কুখ্যাত আক্ৰমণটোৰ পৰিকল্পনা কৰা আৰু ইয়াৰ বাবে অস্ত্ৰৰ যোগান ধৰাৰ অভিযোগত উপৰুক্ত ৮জন লোকৰ বিৰুদ্ধে গোচৰ চলোৱা আৰম্ভ কৰে আৰু আজি গোচৰটোৰ ৰায় দিয়া হয়।

মৃত্যুদণ্ডেৰে দণ্ডিত অপৰাধীকেইজনৰ অধিবক্তাই জনোৱা মতে, তেওঁলোকে এই ৰায়ৰ পুনৰ বিচাৰ আবেদন কৰিব।

আনহাতে বাংলাদেশৰ বহুল প্ৰচলিত ৱেব সংবাদ পৰ্টেল বিডি নিউজত প্ৰকাশ পোৱা মতে, ৰায় ঘোষণাৰ সময়ত উপস্থিত থকা অপৰাধীকেইজনৰ মুখমণ্ডলত কোনো অনুশোচনাৰ চাপ দেখা নগ’ল। বৰং আদালতৰ মজিয়া ত্যাগ কৰাৰ সময়ত তেওঁলোকে “আল্লাহু আকবৰ” ধ্বনি দিয়া বুলি প্ৰকাশ। তেওঁলোকে কয়, “আমি কোনো ভুল কৰা নাছিলো”। অপৰাধীকেইজনৰ দুজনে আইছিছৰ প্ৰতীক থকা টুপী পিন্ধি থকা বুলিও একাংশ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ।