T-20 World Cup চলিত টী-২০ বিশ্বকাপৰ ‘ছুপাৰ-১২’ৰ এখনো মেচত জয়ী হ’ব নোৱাৰিলে বাংলাদেশে। বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮ উইকেটত পৰাজিত হয় বাংলাদেশী দলটো।
বাংলাদেশৰ ক্ৰিকেট দলটোৱে ইয়াৰ লগতে গঢ়িলে এক চৰম লজ্জাজনক অভিলেখো।
পুৰুষৰ টী-২০ মেচত বলৰ হিচাপত আটাইতকৈ বৃহয পৰাজয়ৰ সন্মুখীন হয় বাংলাদেশ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ খেলখনত ৮২টা বল খেলিবলৈ বাকী থকা অৱস্থাতে বাংলাদেশ পৰাজিত হয়।
ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে আটাইতকৈ বেছি বল খেলিবলৈ থকা অৱস্থাত পৰাজিত হোৱাৰ অভিলেখ আছিল বাংলাদেশৰ।
হেমিল্টনত ৭০ ৰাণতত পৰাজিত হৈছিল বাংলাদেশী ক্ৰিকেট দলটো। সেইদৰে, ২০১৮ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫৫ৰাণত পৰাজিত হৈছিল বাংলাদেশ।
ইপিনে, বাংলাদেশে চৰম লজ্জাজনক অভিলেখ গঢ়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই গঢ়িলে নতুন এক অভিলেখ।
মেচখনত অষ্ট্ৰেলিয়াই টী-২০ত আটাইতকৈ বেছি ৰাণৰ ব্যৱধানত বিজয়ী হ’ল।