• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসক-বিৰোধীৰ সংঘাতত উত্তপ্ত বাংলাদেশ; গ্ৰেপ্তাৰ বিৰোধী দলৰ শীৰ্ষ নেতা, ৯০০ কৰ্মী

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 30, 2023 8:03 am
বিৰোধীৰ প্ৰতিবাদত  বাংলাদেশ উত্তপ্ত হৈ পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় বিৰোধী নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰক।

বিৰোধীৰ প্ৰতিবাদত বাংলাদেশ উত্তপ্ত হৈ পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় বিৰোধী নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা জানুৱাৰী মাহত বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ আগতে দেশখনত শাসক-বিৰোধী সংঘাতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। শনিবাৰে মূল বিৰোধী বিএনপিৰ চৰকাৰ বিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি প্ৰায় যুদ্ধক্ষেত্ৰৰ ৰূপ লয় ঢাকা। আৰক্ষীৰ সৈতে বিএনপি সমৰ্থকৰ সংঘৰ্ষত এজন আৰক্ষী আৰু এজন বিএনপি কৰ্মীৰ মৃত্যু হয়।

বাংলাদেশ আৰক্ষীয়ে দেওবাৰে বিএনপিৰ মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগীৰক গ্ৰেপ্তাৰ কৰে। কিন্তু কেৱল এই বিএনপিৰ শীৰ্ষ নেতাই নহয়, শনিবাৰে ঢাকাত বিএনপিৰ সমাৱেশৰ আশে-পাশে সংঘটিত হিংসা আৰু লণ্ডভণ্ড কাণ্ডৰ পিছত বাংলাদেশ আৰক্ষীয়ে দেশৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ৯০০ বিএনপি নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ছামিম ৰেজা আৰু মহম্মদ চুলতান নামৰ বিএনপিৰ দুই কৰ্মীক।

ঢাকা মহানগৰ আৰক্ষী আয়ুক্ত হবিবুৰ ৰহমানে কয়, ‘শনিবাৰে বিএনপিৰ প্ৰতিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত এজন আৰক্ষী বিষয়া আৰু এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে দুয়োপক্ষৰ বহু লোক আহত হয়। এই সন্দৰ্ভত সোধা-পোছাৰ বাবে আলমগীৰক আটক কৰি ৰখা হৈছে।”

লগতে পঢ়কঃ কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ: গুলীবৰ্ষণত আহত আৰক্ষী বিষয়া

ধৃত নেতাজনৰ পত্নী ৰাহত আৰা বেগমে জনোৱা মতে, আৰক্ষীয়ে আহি তেওঁলোকৰ বিল্ডিঙৰ পৰা সকলো চিচিটিভি কেমেৰা আঁতৰাই পেলায়। আৰক্ষীয়ে সেইবোৰ জব্দ কৰে। চৰকাৰৰ নিৰ্দেশত তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰা কথা আৰক্ষীয়ে জনোৱা বুলি তেওঁ দাবী কৰে। অৱশ্যে আলমগীৰক শীঘ্ৰে মুকলি কৰি দিয়া হ’ব বুলি আশা প্ৰকাশ কৰে। ইপিনে, আলমগীৰক আটক কৰি ৰখাক লৈ বিএনপি কৰ্মীৰ ক্ষোভ বৃদ্ধি পাইছে।

দেওবাৰে পুৱা প্ৰায় ৯:৩০ বজাত ঢাকাৰ অভিজাত গুলশান অঞ্চলৰ নিজা বাসগৃহৰ পৰা আলমগীৰক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ উপৰিও আৰক্ষীয়ে তেওঁৰ লেপটপৰ পৰা হাৰ্ড ডিস্ক আঁতৰাই পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও সমগ্ৰ দেশৰ বিএনপিৰ গুৰুত্বপূৰ্ণ নেতাৰ ঘৰ ঘেৰাও কৰিছে আৰক্ষীয়ে। ঘৰৰ বাহিৰত ওলাবলৈ দিয়া হোৱা নাই।

লগতে পঢ়কঃপ্ৰত্যাৱৰ্তন মানেই যেন মহম্মদ ছামি! ডিফেণ্ডিং চেম্পিয়নৰ পথ বিচ্যুতি

গ্ৰেপ্তাৰৰ পূৰ্বে বিএনপিৰ নেতা আলমগীৰে দেওবাৰে দিনজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছিল। তেওঁ বিএনপিৰ কৰ্মীসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা বুলি দাবী কৰিছিল। দেওবাৰৰ দিনটোত বাংলাদেশৰ জিলাসমূহত আৰক্ষী আৰু বিৰোধী বিএনপি সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ঠাকুৰগাঁও, ফৰিদপুৰ, ৰাজশাহী, খুলনা, নাৰায়ণগঞ্জ আদি প্ৰায় আটাইকেইখন জিলাতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

অভিযোগ মতে কোনো কোনো ঠাইত গাড়ীত অগ্নিসংযোগ কৰা হৈছে, আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰিছে। কোনো কোনো ঠাইত বিএনপিৰ কাৰ্যালয়তো অগ্নিসংযোগ কৰা হৈছে।

শনিবাৰে ঢাকাৰ ৰাজপথত চৰকাৰ বিৰোধী প্ৰতিবাদ কাৰ্যসূচীত কমেও এক লাখ লোকে অংশগ্ৰহণ কৰে। ইয়াৰে অধিকাংশই আছিল প্ৰধান বিৰোধী দুটা দল – বিএনপি আৰু জামাত-ই-ইছলামীৰ কৰ্মী। তেওঁলোকৰ মূল দাবী আছিল যে হাছিনা চৰকাৰে নিকা আৰু মুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ পদত্যাগ কৰক।তেওঁলোকে বিএনপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত শ্বেখ হাছিনাৰ বিৰুদ্ধে শ্লোগান দিয়ে। অতি কম সময়ৰ ভিতৰতে এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰীয়ে কেইবাখনো গাড়ী ভাঙি চূৰমাৰ কৰে।

লগতে পঢ়কঃআন এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা: দুই ৰে’লৰ সংঘৰ্ষত তিনি যাত্ৰী নিহত, ৪০ জনৰো অধিক আহত

আনহাতে, প্ৰতিবাদকাৰীয়ে চৰকাৰী সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰে। তেওঁলোকক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰে। বিএনপিৰ দাবী, আৰক্ষীয়ে ‘ছাউণ্ড গ্ৰেনেড’ বিস্ফোৰণ কৰে। আৰক্ষীয়ে হস্তক্ষেপ নকৰালৈকে তেওঁলোকৰ সমাৱেশ সম্পূৰ্ণ ‘শান্তিপূৰ্ণ’ বুলিও দাবী কৰে। কিন্তু আৰক্ষীয়ে অতিৰিক্ত শক্তি প্ৰয়োগ কৰি এই বিশাল সমাৱেশটো ধ্বংস কৰাৰ বাবেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd