বাংলাদেশত পুনৰ শ্বেখ হাছিনা! একেৰাহে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিব আৱামী লীগে

শ্বেখ হাছিনা।

বিচ্ছিন্ন হিংসাৰ মাজেৰে দেওবাৰে বাংলাদেশৰ দ্বাদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ ভোটদান  শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয়। ফলাফল ঘোষণা কৰাৰ পিছত স্পষ্ট হৈ পৰিছে যে বাংলাদেশত চতুৰ্থবাৰৰ বাবে আৱামী লীগে চৰকাৰ গঠন কৰিবলৈ ওলাইছে। সিংহাসনত পুনৰ শ্বেখ হাছিনা।

এইবাৰৰ সৈতে পঞ্চমবাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰে হাছিনাই। নিশা গণনাৰ অন্তত ঘোষণা কৰা হৈছে ২৯৯খন আসনৰ ফলাফল।

লগতে পঢ়কঃ বিলকিছ বানোৰ ধৰ্ষণত ১১অভিযুক্তক মুক্তি দিয়াৰ অধিকাৰ নাই গুজৰাটৰ; ৰায় উচ্চতম ন্যায়ালয়ৰ

জনা যায় যে আৱামী লীগে ২২৩ খন আসন, জাতীয় পাৰ্টিয়ে ১১ খন আসন, কল্যাণ পাৰ্টিয়ে ১ খন আসন লাভ কৰে। জাছদৰ ১ খন আসন, ৱৰ্কাৰছ পাৰ্টিয়ে ১ খন আসন পায়। আনহাতে, এইবাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬২ খন আসনত জয়লাভ কৰে।

দেওবাৰে সন্ধিয়া ৪ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে ভোটগণনা আৰম্ভ হয়। এইবাৰ বেলট পেপাৰত ভোটদানৰ বাবে গণনাত কিছু সময় লাগে।

লগতে পঢ়কঃ আইনৰ শাসন! হিজাব পৰিধান নকৰাৰ বাবে ৭৪ বাৰ বেত্ৰাঘাত মহিলাক

ভোটগ্ৰহণৰ অন্তত মুখ্য নিৰ্বাচন আয়ুক্ত কাজী হাবিবুল আৱালে জনাইছে যে সমগ্ৰ দেশৰ তথ্যৰ ভিত্তিত প্ৰায় ৪০ শতাংশ ভোটদান হৈছে। অৱশ্যে একাংশ সমষ্টিত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে।