• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশ জিকিল, ক্ৰিকেট হাৰিল! মেথিউছৰ টাইম আউটক লৈ সৰৱ ক্ৰিকেট জগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2023 9:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইবাৰ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ‘টাইম আউট’ৰ ঘটনা। যদিও আউট বিধিগত আছিল, তথাপিও ইয়াৰ আগতে কেতিয়াও বেটছমেনৰ টাইম আউট হোৱা নাছিল।

শুকুৰবাৰে বাংলাদেশৰ বিৰুদ্ধে টাইম আউট হৈছিল এঞ্জেলো মেথিউছ। শ্ৰীলংকাৰ চতুৰ্থ উইকেট পতনৰ পিছত কিছু পলমকৈ খেলপথাৰলৈ আহিছিল শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰগৰাকী। তাৰ পিছত হেলমেট সম্পৰ্কীয় কিবা সমস্যাৰ বাবে তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত (খেলৰ পৰিস্থিতি অনুসৰি, যিটো দুমিনিট) ষ্ট্ৰাইক ল’ব নোৱাৰিলে। আৰু সেই সুযোগ ব্যৱহাৰ কৰি বাংলাদেশে এঞ্জেলো মেথিউছক আউট কৰে।

বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে ‘টাইম আউট’ৰ বাবে আবেদন কৰিছিল। সেই আবেদন অনুসৰি মেথিউছক আউট দিয়া হৈছিল। মেথিউছে এটাও বল নেখেলাকৈয়ে ড্ৰেছিং ৰুমলৈ উভতি যাব লগা হ’ল। এই আউটকলৈ প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশৰ অধিনায়ক ছাকিবক ‘টাইম আউট’ৰ বাবে আবেদন কৰাৰ বাবে সমালোচনা কৰা হৈছে।

অৱশ্যে বহুতে ছাকিবৰ আচৰণত একো ভুল দেখা পোৱা নাই। কাৰণ ই ক্ৰিকেটৰ নিয়মত আছে। অৰ্থাৎ নন ষ্ট্ৰাইকাৰ এণ্ডত ৰান আউটৰ দৰে এই বিষয়টোও ক্ৰিকেটৰ নিয়মত আছে।

অষ্ট্ৰেলিয়াৰ উছমান খোৱাজাই এক্স-ত দাবী কৰে যে, ‘এঞ্জেলোৰ হেলমেটৰ ষ্ট্ৰেপ ক্ৰীজলৈ অহাৰ পিছত ভাঙি গ’ল। কেনেকৈ তেওঁ টাইম আউট হয়? যদি তেওঁ নিজৰ ক্ৰীজলৈ আহি ইচ্ছামতে সময় নষ্ট কৰে, তেন্তে টাইম আউট হ’ব পাৰে। কিন্তু হাস্যকৰ। ক্ৰীজলৈ অহাৰ পিছত বেটছমেনজনে বলৰ সন্মুখীন হ’বলৈ ৩ মিনিট সময় লয়।”

Angelo made his crease then his helmet strap broke. How is that timed out? I'm all for timed out if he doesn't make his crease but this is ridic. No different then a batsman getting to the crease then taking 3 minutes to face up 🤦🏽‍♂️#cricketworldcup

— Usman Khawaja (@Uz_Khawaja) November 6, 2023

গৌতম গম্ভীয়ে কয়, “দিল্লীত আজি যি ঘটিল সেয়া অত্যন্ত ব্যথাজনক!” ডেল ষ্টেইনে আকৌ কয়, “এয়া একেবাৰে ভাল কথা নহ’ল।”

Absolutely pathetic what happened in Delhi today! #AngeloMathews

— Gautam Gambhir (@GautamGambhir) November 6, 2023

আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এছ বদ্ৰিনাথে কয় ‘যদি মই ছাকিবে হলোহেঁতেন, তেন্তে মই অধিনায়ক হিচাপে আবেদন নকৰিলোহেঁতেন আৰু যদি মই এঞ্জেলো মেথিউছ হ’লোহেঁতেন, তেন্তে মই হেলমেটতকৈও আৰু বেছি কিবা ভাঙি পেলালোঁহেঁতেন।’

If I was #Shakib I would not have appealed as a Captain and I would have broken more than just a helmet if I was #AngeloMathews #SLvsBan

— S.Badrinath (@s_badrinath) November 6, 2023

ইপিনে, ধাৰাভাষ্যকাৰ হিচাপে থকা শ্ৰীলংকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ আৰ্ণল্ড ৰাছেলে উল্লেখ কৰে, ‘এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা প্ৰত্যক্ষ কৰিলো।’

সোমবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত ২৫ নং অভাৰত সংঘটিত হয় এই ঘটনা। ২৪.২ অভাৰত চতুৰ্থটো উইকেট হেৰুৱাই শ্ৰীলংকাই। উইকেটটো ল’লে ছাকিব আল হাছানে। ইয়াৰ পিছত মেথিউছে খেলপথাৰত প্ৰৱেশ কৰিলে। সেইটো আছিল নিৰ্ধাৰিত সময়ৰ ভিতৰত (খেলৰ নিয়ম অনুসৰি নতুন বেটছমেনে উইকেট পতনৰ দুই মিনিটৰ ভিতৰতে প্ৰথম বলটো খেলিব লাগে)। কিন্তু ক্ৰীজলৈ আহি তেওঁ অনুভৱ কৰে যে হেলমেটটোত কিবা এটা ত্ৰুটী আছে। হয়তো ষ্ট্ৰেপটো ভাঙি গৈছিল।  ‘গাৰ্ড’ নিনিয়াকৈয়ে ডাগআউটৰ পিনে হেলমেট আনিবলৈ ক’লে।

ইপিনে, ছাকিবে আম্পায়াৰক কিবা এটা কোৱা দেখা যায়। ইয়াৰ পিছত অনফিল্ড আম্পায়াৰৰ সৈতে মেথিউছৰ আলোচনা আৰম্ভ হয়। শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰাকীক সঁচাকৈয়ে উত্তেজিত হোৱা যেন লাগিছিল। তেওঁ বুজাবলৈ চেষ্টা কৰে যে হেলমেটৰ ষ্ট্ৰেপৰ সমস্যা হৈছিল। যদিও আম্পায়াৰসকলে তেওঁক আউট দিয়ে।

এই পৰিস্থিতিত মেথিউছে ছাকিবৰ লগতো কথা পাতিবলৈ গৈছিল। কিন্তু ছাকিবে আবেদন ঘূৰাই নল’লে। ক্ৰিকেটৰ নিয়ম অনুসৰি মেথিউছে ড্ৰেছিং ৰুমলৈ উভতি যাবলগীয়া হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd