• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 12, 2025 11:47 am
94
VIEWS
Share on FacebookShare on Twitter

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ তথ্য। মহাৰাষ্ট্ৰত এগৰাকী ১৪ বছৰীয়া বাংলাদেশী নাবালিকাক দুই শতাধিক লোকে ধৰ্ষণ কৰে। একাধিক মধ্যভোগীক গ্ৰেপ্তাৰ কৰা হৈছে। মহাৰাষ্ট্ৰত যৌন চক্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে  বাংলাদেশী নাবালিকাগৰাকীক। অভিযোগ অনুসৰি যোৱা ৩ মাহত ২০০ৰো অধিক পুৰুষে ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাইছিল।

বাতৰি অনুসৰি, নাবালিকাগৰাকীয়ে স্কুলত এটা বিষয়ত ফেইল কৰি বাংলাদেশৰ ঘৰৰ পৰা পলায়ন কৰে। অৱশেষত ভাৰতৰ সীমান্তৰ সিপাৰে যৌন চক্ৰৰ লগত জড়িত হৈ পৰে। তাতেই তাইক মহাৰাষ্ট্ৰলৈ সৰবৰাহ কৰা হয়। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪ বছৰীয়া নাবালিকাগৰাকীক।

বিষয়াসকলে জনোৱা মতে, বাংলাদেশী ভুক্তভোগীগৰাকীৰ ভাষ্য পৰীক্ষা কৰি থকা হৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই পৰ্যন্ত ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ৬ জন বাংলাদেশী। তদুপৰি, সৰবৰাহ কৰা আৰু ২ জন বাংলাদেশী গ্ৰেপ্তাৰ হোৱা লোকৰ ভিতৰত আছে।

এক্স’ডাছ ৰোড ইণ্ডিয়া ফাউণ্ডেশ্যন আৰু হাৰমনি ফাউণ্ডেশ্যনৰ যৌথ অভিযানত মীৰা ভয়াণ্ডাৰ ভাছাই-ভিৰা আৰক্ষীৰ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিটে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। যোৱা ২৬ জুলাইত ভাছাইৰ নাইগাঁৱৰ এটা ফ্লেটত তালাচী চলোৱাৰ পিছতে উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, বিভিন্ন সময়ত কিশোৰীগৰাকীক মুম্বাই, পুনে, গুজৰাট আৰু কৰ্ণাটকলৈ সৰবৰাহ কৰা হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘৰৰ পৰা পলাই অহাৰ পিছত ভুক্তভোগীৰ চিনাকি এগৰাকী মহিলাই তাইক সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ বাধ্য কৰে। তাৰ পিছত তাইক জোৰকৈ দেহ ব্যৱসায়ত নামিবলৈ বাধ্য কৰা হয় । আৰক্ষীয়ে সন্দেহ কৰিছে যে ছোৱালীজনীক হয়তো অকাল যৌৱন লাভ কৰিবলৈ হৰম’নৰ বেজী দিয়া হৈছিল আৰু টোপনিৰ বড়িও দিয়া হৈছিল।

পালঘৰ অভিযানৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০জন লোকক। এই তালিকাত আছে মহম্মদ খালিদ আব্দুল, জুবাইৰ হাৰুণ শ্বেখ, ছামিম গাফুৰ চৰ্দাৰকে ধৰি বহুকেইজন। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন, POCSO আইন, কিশোৰ ন্যায় আইন, বিদেশী আইন আৰু পাছপ’ৰ্ট আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Recent News

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd