ফেব্ৰুৱাৰী মাহত কিমান দিন ধৰি বন্ধ থাকিব বেংক? জানক সম্পূৰ্ণ তালিকা

a sbi-banbk-1575953914

২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত কিমান দিন বন্ধ থাকিব বেংক? বেংক বন্ধৰ ওপৰত ভিত্তি কৰিয়েই আপুনি যুগুতাই উলিয়াব লাগিব আপোনাৰ বেংক সম্পৰ্কীয় কাম-কাজৰ কৰ্ম পৰিকল্পনা। দৰাচলতে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় ভিত্তিত ১২ দিন ধৰি বন্ধ থাকিব বেংক।

অৱশ্যে ৰাজ্য অনুসৰি এই বন্ধৰ দিন বেলেগ বেলেগ হ’ব। সেয়ে সকলো ৰাজ্যতেই যে ১২ দিন বেংক বন্ধ হ’ব তেনে কথা নাই। গ্ৰাহকসকলে এই সময়ত এটিএম, ইণ্টাৰনেট বেঙ্কিং, নেট বেঙ্কিং আৰু অন্যান্য সেৱা সমূহ লাভ কৰি থাকিবলৈ সক্ষম হ’ব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰকাশ বেংকৰ বন্ধৰ তালিকা অনুসৰি অহা মাহত মুঠ ১২দিনৰ বেংক বন্ধ ৰখা হ’ব।
ফেব্ৰুৱাৰী মাহটোত বসন্ত পঞ্চমী, গুৰু ৰবিদাস জয়ন্তী আৰু দোলযাত্ৰাকে ধৰি ছয়টা বন্ধ থাকিব। এই বন্ধসমূহ দেশৰ প্ৰায় কেইখন ৰাজ্যতে হ’ব।

তদুপৰি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু দেওবাৰে বেংকসমূহ স্বাভাৱিক ৰূপতে বন্ধ থাকিব।

বেংক বন্ধৰ তালিকা
ফেব্ৰুৱাৰী ২: সোনম লোচাৰ (গেংটকত বেংক বন্ধ)
ফেব্ৰুৱাৰী ৫: সৰস্বতী পূজা/শ্ৰী পঞ্চমী/বসন্ত পঞ্চমী (আগৰতলা, ভুৱনেশ্বৰ, কলকাতাত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৫: মহম্মদ হজৰত আলী জন্মদিন/লুই-নাগাই-নী (লক্ষ্ণৌৰ কানপুৰ, ইম্ফলত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৬: গুৰু ৰবিদাস জয়ন্তী (চণ্ডীগড়ত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৮: দৌলযাত্ৰা (কলকাতাত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৯: ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (বেলাপুৰ, মুম্বাই, নাগপুৰত বেংক বন্ধ)
শনিবাৰে
১২ ফেব্ৰুৱাৰী: মাহৰ দ্বিতীয় শনিবাৰে (সাপ্তাহিক বন্ধ)
১৩ ফেব্ৰুৱাৰী: দেওবাৰ (সাপ্তাহিক বন্ধ)
২০ ফেব্ৰুৱাৰী: দেওবাৰ (সাপ্তাহিক বন্ধ)
১৬ ফেব্ৰুৱাৰী: মাহৰ ৪ ৰ্থ শনিবাৰে (সাপ্তাহিক বন্ধ)
ফেব্ৰুৱাৰী ২৭: দেওবাৰ (সাপ্তাহিক বন্ধ)